peepl-small

জাগুনত গ্ৰেনেড বিস্ফোৰণ, কিশোৰ নিহত

PUBLISHED:

গুৱাহাটী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত আজি পুৱা এক গেনেড বিস্ফোৰণৰ ঘটনাই জোকাৰি যায়। এই ঘটনাত নিহত হয় এটি বাৰ বছৰীয়া কিশোৰ । প্রাপ্ত তথ্য অনুসৰি আজি পুৱা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ কথা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয় কথা আদৰ্শৰ ওচৰৰ কথা কাষৰণি ঘাটৰ কাষত সংঘটিত হয় এই ঘটনা | পুৱা ভায়েকৰ সৈতে চাইকেল লৈ বুঢ়ীদিহিং নদীৰ দিশে গৈ অৱস্হাত সুৰজ হাজং লগত যোৱা ভাতৃক পথটোৰ সেই স্হান এঢলীয়া হোৱা বাবে ৰবলৈ কৈ চাইকেল খন ঠেলি আগুৱাই যোৱা সময়তে পুৱা প্রায় ৮.৩০ বজাত বালিমাটিত পোত খাই থকা কিবা বস্তুত ভৰি পৰাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

বিস্ফোৰণৰ ফলত সুৰজ হাজং নামৰ কিশোৰ জন অতি গুৰুতৰ ভাবে আহত হয় ।কিশোৰ জনৰ লগত যোৱা জন কিছু দূৰৈত থকা বাবে এই বিস্ফোৰণত আঘাত নোপোৱাকৈ সাৰিবলৈ সক্ষম হয় | আহত সুৰজক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ ততাতৈয়া কৈ অনা হয় যদিও চিকিৎসালয়ত বাৰ বছৰীয়া কিশোৰ জনৰ মৃত্যু হয় ।

আজি পুৱাৰ ভাগত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ কথা আদৰ্শ গাঁ‌ৱৰ সমীপৰ কথাকাষৰণিত সংঘটিত হোৱা এই বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত জাগুন আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে জিলা খনৰ আৰক্ষীৰ উচ্চ পয্যায়ৰ বিষয়া ঘটনা স্থলীত উপস্থিত হৈছে | কিদৰে সেই স্থানত গ্রেনেড ওলাল তাক জানিব পৰা নাই ।

তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক, সেনা বিষয়া আদি বিস্ফোৰণ স্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । অসম অৰণাচলৰ সীমান্তবৰ্তীৰ অঞ্চল সমূহত শেহতীয়াকৈ উগ্রপন্থী সংগঠনৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈ আহিছে ।আৰক্ষীৰ তদন্তৰ পাছতহে এই বিষয়ত জানিব পৰা হ’ব।  হাজং বস্তিৰ সুৰ হাজং আৰু দীপালী হাজংৰ পুত্র সুৰজৰ বিস্ফোৰণত নিহত হোৱা ঘটনাই সমগ্র অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে ।

RELATED ARTICLES