peepl-small

ব্লেক ফাংগাছ প্রতিৰোধকল্পে স্বাস্থ্য বিভাগৰ এছঅ’পি জাৰি

PUBLISHED:

গুৱাহাটী: ৰাজ্যত ব্লেক ফাংগাছত আক্রান্ত হৈ প্রথমজন ৰোগী মৃত্যু হোৱাৰ পিছতে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ইয়াৰ সংক্রমণ প্রতিৰোধকল্পে এক এছ অ’ পি জাৰি কৰে৷

দেশৰ অন্যান্য কেইবাখনো ৰাজ্যৰ লগতে অসমতো ক’ভিড ৰোগীৰ দেহত ব্লেক ফাংগাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই ইয়াৰ লক্ষণসমূহক লৈ চৰকাৰে এছঅ’পি জাৰি কৰে৷

এছ অ’ পিত উল্লেখ কৰা অনুসৰি ব্লেক ফাংগাছৰ লক্ষণসমূহ হৈছে– চাইনাছৰ সমস্যা, বহু সময় নাক বন্ধ হৈ থকা, নাকেৰে তেজ নির্গত হোৱা, নাক আৰু চকু ৰঙা পৰা, চকুৰে অস্পষ্ট দেখা বা দুটাকৈ প্রতিবিম্ব দেখা অৱস্থা৷ মূৰ কামোৰণি, জ্বৰ, কাহ আৰু কাহত তেজ ওলোৱা, উশাহ চুটি হোৱা, উশাহ–নিশাহ লোৱাত কষ্ট পোৱা, দাঁতৰ বিষ আৰু দাঁতৰ পাৰি ঢ়িলা হোৱা, ছাল ৰঙা পৰা আৰু ক’লা পৰা৷

একেখন এছঅ’পিত ইয়াৰ চিকিৎসাৰ বিধানো দিয়া হৈছে৷ এছঅ’পিত উল্লেখ কৰা মতে ৫০০ মিলিলিটাৰৰ এনএছ চেলাইন লোৱাটো জৰুৰী৷ ইয়াৰ পিছতেই এমফ’টেৰিছিন বি দৰব ৰোগীয়ে গ্রহণ কৰাটো প্রয়োজনীয়৷

লক্ষণীয়ভাৱে ক্রিয়েটিনিন আৰু প’টেছিয়াম প্রতি ৭২ ঘণ্টাৰ মূৰত নিৰীক্ষণ কৰিব লাগিব৷ এমফ’টেৰিছিলিন বি গ্রহণ কৰিব নোৱাৰাসকলক পছ’কেনজ’ল টেবলেট প্রদান কৰিব পৰা যায়৷ ৩০০ এমজি টেবলেট দৈনিক দুবাৰকৈ গ্রহণ কৰাটো জৰুৰী৷ বিশুদ্ধ খোৱাপানী প্রতিজন ৰোগীয়ে লোৱাটো প্রয়োজন৷ প্রতিমুহূর্তত মিনাৰেল ৱাটাৰ গ্রহণ কৰিব লাগিব, কিন্তু সেয়া হ’ব লাগিব গৰম কৰা৷ ৰোগীৰ পানীৰ স্তৰ দিনত দুবাৰকৈ নিৰীক্ষণ কৰা প্রয়োজন৷ আর্দ্রতাযুক্ত পানী ৰোগীয়ে প্রতিমুহূর্ততে সলনি কৰিব লাগিব৷

RELATED ARTICLES