peepl-small

কংগ্রেছৰ দখলত থকা ৫ সমষ্টি লক্ষ্য বিজেপিৰ

PUBLISHED:

গুৱাহাটীঃ ৪৭টা সমষ্টিৰ বাবে প্রথম পর্যায়ত হ’ব লগা নির্বাচনত কংগ্রেছৰ দখলত থকা পাঁচটা সমষ্টি টাৰ্গেট কৰি লৈছে বিজেপিয়ে৷ ১০০+ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বিজেপিয়ে নিজৰ দখলত থকা সমষ্টিৰ লগতে কংগ্রেছৰ দখলত থকা পাঁচটা সমষ্টি দখল কৰাটো অত্যন্ত জৰুৰী বুলি বিবেচিত হৈছে৷ বিজেপিৰ এই লক্ষ্যৰ কথা আজি মুকলিকৈ ক’লে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি প্রথম পর্যায়ৰ নির্বাচনত কংগ্রেছৰ দখলত থকা আঠটা সমষ্টিৰ পাঁচটা সমষ্টি দখলৰ বাবে এইবাৰ চেষ্টা চলাব বিজেপিয়ে৷ নির্বাচনী প্রচাৰৰ উদ্দেশ্যে আজি হেলিকপ্টাৰেৰ উৰা মৰাৰ পূর্বে সাংবাদিকৰ আগত দলীয় লক্ষ্যৰ কথা উল্লেখ কৰি তেওঁ কয়– ২০১৬ চনত আমাৰ দখলত নথকা জোনাই, ডুমডুমা, শিৱসাগৰ, গোলাঘাট আৰু সৰুপথাৰ সমষ্টিকেইটা এইবাৰ নিজৰ দখললৈ অনাৰ চেষ্টা চলোৱা হৈছে৷ এই সমষ্টিকেইটাত আমি জয়ী হ’লে ১০০+ লক্ষ্যত উপনীত হ’ব পাৰিম৷ প্রথম পর্যায়ৰ নির্বাচনত দৰাচলতে উজনি আৰু উত্তৰ অসমৰ আঠটা সমষ্টিক লক্ষ্য কৰি লোৱা হৈছে৷ জোনাই, ডুমডুমা, শিৱসাগৰ, গোলাঘাট, সৰুপথাৰৰ লগতে নাজিৰা, মৰিয়নি আৰু তিতাবৰ এই সমষ্টিকেইটাকো লক্ষ্য কৰি লোৱা হৈছে৷ এই আঠটা সমষ্টিৰ ভিতৰত চাৰিটা বা পাঁচটা সমষ্টিত বিজেপি জয়ী হ’লে ১০০+ লক্ষ্যত উপনীত হোৱাত সহজ হ’ব৷ ইয়াৰ বাবে আমি কাম কৰি আছোঁ৷

মন্ত্রীগৰাকীয়ে  ইয়াকো উল্লেখ কৰে যে তিতাবৰ সমষ্টিত এইবাৰ বিজেপিৰ জয় নিশ্চিত৷ সমষ্টিটোত দলৰ প্রার্থী হেমন্ত কলিতা ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে৷ আনহাতে শিৱসাগৰ সমষ্টিত কংগ্রেছৰ দুটা ফৈদ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয়– সমষ্টিটোত কংগ্রেছৰ এটা ফৈদে অখিল গগৈক সমর্থন কৰাৰ বিপৰীতে আনটো ফৈদে শুভমিত্র গগৈক সমর্থন কৰিছে৷ দুয়োটা ফৈদৰ ঁৰিয়াৰিৰ ফলত বিজেপি প্রার্থী জয়ী হোৱাটো নিশ্চিত৷ উল্লেখ্য যে প্রথম পর্যায়ত নির্বাচন হ’ব লগা ৪৭খন আসনৰ ভিতৰত ২০১৬ চনত বিজেপিয়ে ২৮খনত জয়লাভ কৰাৰ বিপৰীতে কংগ্রেছে আঠখনত জয়লাভ কৰিছিল৷ বিজেপিৰ এই সংখ্যা এইবাৰ ৩৬লৈ বৃদ্ধি কৰা পৰিকল্পনা প্রস্তুত কৰিছে৷ ইতিমধ্যে কংগ্রেছৰ দখলত থকা আঠটা সমষ্টিৰ পাঁচটাত বিজেপি প্রার্থী জয়ৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলিও আজি মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ ইফালে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা বাংলাদেশতহে মুখ্যমন্ত্রী হ’ব পাৰিব বুলি কটাক্ষ কৰে মন্ত্রীগৰাকীয়ে৷

পাঁচজনকৈ সংখ্যালঘু প্রার্থীক আনুষ্ঠানিক টিকট
প্রদান বিজেপিৰ দ্বিতীয় পর্যায়ত মুঠ ২৮ প্রার্থীৰ মনোনয়ন নাকচ
সংখ্যালঘু জনসাধাৰণৰ পৰা বিজেপিয়ে বহু আঁতৰত অৱস্থান কৰা বুলি বিৰোধীয়ে কৰা দাবীৰ বিপৰীতে এইবাৰ নির্বাচনত পাঁচজনকৈ সংখ্যালঘু প্রার্থীক প্রার্থিত্ব দিছে ৰাজ্যিক বিজেপিয়ে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে তালিকা প্রকাশ কৰা বিজেপিয়ে বাঘবৰ, দক্ষিণ শালমাৰা, পশ্চিম বিলাসীপাৰা, জলেশ্বৰ আৰু জনিয়াত পাঁচজনকৈ সংখ্যালঘু লোকক প্রার্থিত্ব দিছে৷ আজি ৰাজ্যিক বিজেপিয়ে আনুষ্ঠানিকভাৱে এই পাঁচজন প্রার্থীক দলীয় টিকট প্রদান কৰে৷ বাঘবৰ সমষ্টিৰ বাবে হাচিনাৰা খাতুন, দক্ষিণ শালমাৰাৰ বাবে আছাদ্দুল ইছলাম, পশ্চিম বিলাসীপাৰা সমষ্টিৰ বাবে ড০ আবু বক্কৰ ছিদ্দিক, জলেশ্বৰ সমষ্টিৰ পৰা ওচমান গণি আৰু জনিয়াত ছইদুল ইছলামক আনুষ্ঠানিক প্রার্থিত্ব প্রদান কৰা হয়৷ এই অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ সংখ্যালঘু মর্চাৰ সভাপতি স্বপ্ণনীল বৰুৱা, ৰাজ্যিক সম্পাদক দীপ্লুৰঞ্জন শর্মা আৰু ৰাজ্যিক সংখ্যালঘু মর্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে এই পাঁচগৰাকী প্রার্থীক দলীয় টিকট প্রদান কৰে৷ উল্লেখ্য যে প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনত ইতিমধ্যে বিজেপিয়ে সোণাই সমষ্টিৰ বাবে আমিনুল হক লস্কৰক, লাহৰীঘাট সমষ্টিৰ বাবে কাদিৰুজ জামান জিন্না আৰু ৰূপহীহাট সমষ্টিৰ বাবে নাজিৰ হুছেইনক প্রার্থিত্ব প্রদান কৰিছে৷

দ্বিতীয় পর্যায়ত মুঠ ২৮ প্রার্থীৰ মনোনয়ন নাকচ
তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়নপর্ব আৰম্ভ হোৱাৰ লগে লগে দ্বিতীয় পর্যায়ত মনোনয়ন দাখিল কৰা ৪০৮জন প্রার্থীৰ ভিতৰত ২৮জন প্রার্থীৰ মনোনয়ন নাকচ হৈছে৷ ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াই প্রকাশ কৰা মতে দ্বিতীয় পর্যায়ত হ’ব লগা ৩৯টা সমষ্টিৰ নির্বাচনৰ বাবে ১২ মার্চ আছিল মনোনয়ন দাখিলৰ অন্তিম দিন৷ আনহাতে কালি মনোনয়নসমূহ পৰীক্ষা কৰাৰ অন্তত ২৮জন প্রার্থীৰ মনোনয়ন নাকচ হৈছে৷ ১ এপ্রিলত হ’ব লগা দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে ৪০৮জন প্রার্থীৰ ৩৯টা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছিল৷ ১৭ মার্চত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷ মনোনয়ন প্রত্যাহাৰৰ পূর্বেই ২৮জন প্রার্থীৰ মনোনয়ন নাকচ হোৱা বুলি ঘোষণা কৰিছে নির্বাচনী বিষয়াই৷ উল্লেখ্য যে তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে মনোনয়ন দাখিলৰ পর্ব আৰম্ভ হৈছে৷ তৃতীয় পর্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৯ মার্চ৷ ২০ মার্চত মনোনয়নসমূহ পৰীক্ষাৰ পিছত ২২ মার্চত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন স্থিৰ কৰা হৈছে৷ ২৭ মার্চত হ’ব লগা প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে ২৬৭গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে৷ প্রথম পর্যায়ত মুখ্যতঃ ভাগ্য নির্ণয় হ’ব মাজুলী সমষ্টিৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিহালী সমষ্টিৰ বাবে মন্ত্রী ৰঞ্জিত দত্ত, ঢ়কুৱাখনা সমষ্টিৰ বাবে মন্ত্রী নৱ কুমাৰ দলে. তিনিচুকীয়া সমষ্টিৰ বাবে মন্ত্রী সঞ্জয় কিষাণ, বোকাখাত সমষ্টিৰ বাবে মন্ত্রী অতুল বৰা আৰু কলিয়াবৰ সমষ্টিৰ বাবে কেশৱ মহন্ত৷ আনহাতে বিৰোধী কংগ্রেছ দলৰ সভাপতি ৰিপুণ বৰাই গহপুৰ সমষ্টিৰ বাবে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই নাজিৰা সমষ্টিৰ বাবে, এ আই চি চিৰ সম্পাদক ভূপেন বৰাই বিহপুৰীয়া সমষ্টিৰ বাবেই এইবাৰ প্রতিদ্বন্দ্বিতাত নামিছে৷

৬৪.৮৪ কোটি টকা জব্দ
বিধানসভা নির্বাচন নিকা আৰু সুৰক্ষিত কৰাৰ বাবে নির্বাচনী নির্দেশনাসমূহ বলৱৎ কৰাৰ ক্ষেত্রত তীক্ষ্ণ নজৰ দিয়া হৈছে৷ ৰাজ্যিক নির্বাচন বিভাগে প্রকাশ কৰা মতে যোৱা ২৬ ফেব্রুৱাৰীত নির্বাচনৰ দিন ঘোষণা কৰাৰ দিনৰে পৰা অসম আৰক্ষী, আবকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ চোৰাংচোৱা সঞ্চালকালয় সংস্থাসমূহে ৰাজ্যখনৰ বিভিন্ন প্রান্তত ৬৪.৮৪ কোটি টকা জব্দ কৰিছে৷ ২৬ ফেব্রুৱাৰীৰ পৰা ১৬ মার্চ পর্যন্ত ১২.১৭ কোটি টকাৰ নগদ ধন, ১৭.৮২ কোটি টকা মূল্যৰ সুৰা, ২.৮২ কোটি টকাৰ সোণ আৰু ৰূপৰ আ–লংকাৰ জব্দ কৰা হৈছে৷ তদুপৰি ২৭.১৩ কোটি টকা মূল্যৰ হেৰ’ইন, ভাং আৰু ব্রাউন ছুগাৰ আদিৰ দৰে নিচাযুক্ত দ্রব্য জব্দ কৰা হৈছে৷ একেদৰে ৪.৮৮ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট আৰু নিচাযুক্ত টেবলেটো এই সময়ছোৱাত জব্দ কৰা হয়৷

RELATED ARTICLES