peepl-small

গেৰুৱা ঢৌত উটি গ’ল উজনিঃ কংগ্রেছৰ দখলত থকা ৩ সমষ্টি কাঢ়িলে বিজেপিয়ে

PUBLISHED:

গুৱাহাটীঃ উজনিত অভেদ্য হৈ ৰ’ল বিজেপিৰ দুর্গ৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ অকুণ্ঠ সমর্থনেৰে আকৌ এবাৰ সমগ্র উজনি অসমত বিজয় ধ্বজা উৰুৱালে শাসকীয় দলটোৱে৷ এক কথাত ক’বলৈ গ’লে গেৰুৱা ঢ়ৌত উটি–ভাহি গ’ল উজনি অসম৷ আনকি ২০১৬ চনত কগ্রেছে দখল কৰা উজনিৰ ৭টা সমষ্টিৰ ভিতৰত ৩টা সমষ্টিও গেৰুৱা দলটোৱে নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ল৷

সৰুপথাৰ সমষ্টিত কংগ্রেছৰ ৰ’জলীনা তির্কীক বিশাল ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নির্বাচিত হ’ল বিজেপিৰ বিশ্বজিৎ ফুকন৷ গোলাঘাটত কংগ্রেছৰ বিগত কার্যকালৰ বিধায়িকা অজন্তা নেওগে এইবাৰ দল সলনি কৰি যোগ দিছিল বিজেপিত৷ তেওঁৰ বিপৰীতে প্রতিদ্বন্দ্বিতা কৰিছিল প্রাক্তন বিজেপি নেতা তথা এতিয়াৰ কংগ্রেছ প্রার্থী বিতোপন শইকীয়াই৷ কিন্তু আজিৰ ভোটগণনাৰ অন্তত ন–বিজেপি অজন্তা নেওগেই শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল৷ বিগত কার্যকালত ডুমডুমাৰ কংগ্রেছ বিধায়ক আছিল দুর্গা ভূমিজ৷ এইবাৰ বিজেপিৰ ৰূপেশ গোৱালাই তেওঁক পৰাজিত কৰি বিধানসভালৈ নির্বাচিত হয়৷

অৱশ্যে থাওৰাত বিজেপি বিধায়ক কুশল দুৱৰীক তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত পৰাজিত কৰি জয়লাভ কৰে কংগ্রেছৰ সুশান্ত বৰগোহাঁয়ে৷ মৰিয়নি আৰু নাজিৰাত কংগ্রেছৰ বেষ্টনী অক্ষত ৰাখিলে ৰূপজ্যোতি কুর্মী আৰু দেৱব্রত শইকীয়াই৷ শিৱসাগৰৰ প্রতিনিধি হিচাপে নির্বাচিত হয় কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ৷ মুঠৰ ওপৰত মুষ্টিমেয় কেইটামান সমষ্টি বাদ দি সমগ্র উজনিতে এইবাৰ বলিল গেৰুৱা দলৰ একপক্ষীয় লহৰ৷ ইয়াৰ মূলতে আছিল শাসকীয় দলটোৰ প্রতি উজনিত বিভিন্ন খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ ভোটাৰৰ নিঃচর্ত সমর্থন৷ কংগ্রেছ দলে স্বাধীনতাৰ পাছত সুদীর্ঘ কাল ধৰি চাহ জনগোষ্ঠীক নিজৰ ভোটবেংক হিচাপেই ব্যৱহাৰ কৰি আহিছিল৷ কিন্তু ২০১৪ চনৰ লোকসভা নির্বাচনৰ সময়ৰ পৰাই উজনিৰ কংগ্রেছী ভোটবেংকত খহনীয়া হ’বলৈ আৰম্ভ কৰে৷

উক্ত নির্বাচনত ডিব্রুগড়ত ৰামেশ্বৰ তেলী আৰু যোৰহাটত কামাখ্যাপ্রসাদ তাছাক প্রার্থী ৰূপে প্রক্ষেপ কৰি বিজেপিয়ে প্রথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ ভোটাৰসকলৰ আস্থাভাজন হ’বলৈ সক্ষম হয়৷ তেতিয়াৰ পৰাই চাহ জনগোষ্ঠীৰ মাজত গভীৰলৈ শিপাই পৰে গেৰুৱা দলটো৷ ইয়াৰ স্পষ্ট প্রতিফলন দেখা গ’ল ২০১৬ৰ বিধানসভা নির্বাচনত৷ উজনিৰ সৰহসংখ্যক সমষ্টিতে বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে৷ তাৰ পাছৰে পৰা চাহ বাগিচাসমূহ তথা চাহ জনগোষ্ঠীৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্রহণ কৰি উজনিত নিজৰ ভেটি মজবুত কৰি তুলিলে শাসকীয় দলটোৱে৷ পৰৱর্তী সময়ৰ পঞ্চায়ত নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচনতো উজনিত বিজেপিৰ শক্তিশালী ভেটিৰ উমান পোৱা গ’ল৷ সমান্তৰালভাৱে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতাকো শাসকীয় দলটোৱে আকর্ষণ কৰিবলৈ সক্ষম হ’ল৷

এইদৰেই খিলঞ্জীয়া জাতি–জনগোষ্ঠী, চাহ জনগোষ্ঠীৰ সমর্থনেৰে উজনি অসম পৰিণত হ’ল বিজেপিৰ অভেদ্য দুর্গত৷ যাৰ বাবে আজি ঘোষিত ফলাফলত মিত্রজোঁটৰ প্রার্থীসকলে অনায়াসে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল৷ বোকাখাতত অগপৰ সভাপতি অতুল বৰা, সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকন, গোলাঘাটত অজন্তা নেওগ, খুমটাইত মৃণাল শইকীয়া, দেৰগাঁৱত ভবেন্দ্র নাথ ভৰালী, যোৰহাটত হিতেন্দ্রনাথ গোস্বামী, মাজুলীত সর্বানন্দ সোণোৱাল, টীয়কত ৰেণুপমা ৰাজখোৱা, আমগুৰিত প্রদীপ হাজৰিকা, মাহমৰাত যোগেন মহন, সোণাৰিত ধর্মেশ্বৰ কোঁৱৰ, মৰাণত চক্র গগৈ, ডিব্রুগড়ত প্রশান্ত ফুকন, লাহোৱালত বিনোদ হাজৰিকা, দুলীয়াজানত তেৰছ গোৱালা, টিংখঙত বিমল বৰা, নাহৰকটীয়াত তৰংগ গগৈ, চাবুৱাত পোনাকণ বৰুৱা, তিনিচুকীয়াত সঞ্জয় কিষাণ, ডিগবৈত সুৰেন ফুকন, মার্ঘেৰিটাত ভাস্কৰ শর্মা, ডুমডুমাত ৰূপেশ গোৱালা, শদিয়াত বলীন চেতিয়া অনায়াসে বিধানসভালৈ নির্বাচিত হ’ল৷

লক্ষণীয়ভাৱে আমগুৰিত এগৰাকী বিধায়ক দুটা কার্যকালৰ বাবে বিধানসভালৈ নির্বাচিত হোৱাৰ উদাহৰণ অতি বিৰল৷ ইয়াৰ পূর্বে ১৯৫৭ আৰু ১৯৬২ চনত একেৰাহে দুটা কার্যকালৰ বাবে আমগুৰিৰ বিধায়ক হিচাপে জয়ী হৈছিল আৰ চি পি আই দলৰ খগেন্দ্র নাথ বৰবৰুৱা৷ সেই পুৰণি ইতিহাসৰে পুনৰাবৃত্তি কৰি এইবাৰ আমগুৰিৰ পৰা একেৰাহে দুটা কার্যকালৰ বাবে বিধায়ক হিচাপে নির্বাচিত হ’ল অগপৰ প্রদীপ হাজৰিকা৷ আনকি কলিয়াবৰত এইবাৰো অপ্রতিৰোধ্য হৈ ৰ’ল অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্ত৷ এনেদৰেই উজনিত বিজেপিয়ে গঢ়ি তোলা মজবুত ভেটিৰ ওচৰত নতশিৰ হ’ব লগা হ’ল কংগ্রেছকে ধৰি বিৰোধী মহাজোঁট৷ আনকি নব্যগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও বিজেপিৰ স্থিতিৰ কোনো হীন–ডেঢ়ি ঘটাব নোৱাৰিলে৷ একমাত্র শিৱসাগৰ সমষ্টিৰ বাদে৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰ আকৌ এবাৰ কংগ্রেছৰ দখলতে থাকিল৷ দুই–এটা ব্যতিক্রম বাদ দি বিজেপিৰ আজিৰ মহাবিজয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিলে উজনি অসমৰ ভোটাৰ ৰাইজে৷

RELATED ARTICLES