peepl-small

৮৩ সমষ্টি দখলেৰে পুনৰ দিছপুৰ দখল কৰিব মিত্রজোঁটে

PUBLISHED:

গুৱাহাটী: দুই মে’ত ঘোষণা কৰিবলগীয়া নির্বাচনৰ ফলাফলক লৈ চলি থকা নানা সমীকৰণ আৰু এগ্জিট প’লৰ সমীক্ষাৰ মাজতে ৮৩টা সমষ্টি দখলেৰে মিত্রজোঁটে পুনৰ দিছপুৰ দখল কৰিব বুলি দাবী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ বিজেপিয়ে নিজাববীয়াকৈ প্রস্তুত কৰা নির্বাচনী সমীক্ষাত ৭০খন আসন লাভেৰে দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে মিত্রদল অগপই ৮খন আৰু ইউ পি পি এলে ৫খন আসন পাব বুলিও আজি দাবী কৰিলে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷

হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সভাপতি ৰঞ্জিত দাসে এইবাৰ পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰাৰ লগতে কোন কোন সমষ্টিত বিজেপি প্রার্থীয়ে কিমান ভোট লাভ কৰিব, তাৰো এক সমীক্ষা দাঙি ধৰে৷ লক্ষণীয়ভাৱে বিজেপি তথা মিত্রজোঁটে প্রতিদ্বন্দ্বিতা কৰা ২১খন আসনৰ ফলাফলক লৈ সন্দেহ ব্যক্ত কৰা সভাপতি ৰঞ্জিত দাসে এই আসনসমূহৰ ভিতৰতো তিনিখন আসন লাভ কৰাৰ কিছু সম্ভাৱনা আছে বুলি আজি স্পষ্ট কৰে৷ সভাপতি ৰঞ্জিত দাসে  দাঙি ধৰা নির্বাচনী সমীক্ষা অনুসৰি বৰাকত দলটোৱে কিছু ক্ষতিৰ সন্মুখীন হৈছে৷ ২০১৬ চনত বৰাকত বিজেপিয়ে ৮খন আসন লাভ কৰিছিল৷ কিন্তু এইবাৰ সমীক্ষাত শাসকীয় দলটোৱে বৰাকত ৭খন আসনতহে জয়লাভ কৰিব বুলি উল্লেখ কৰিছে ৰঞ্জিত দাসে৷

লক্ষণীয়ভাৱে এই সমীক্ষা অনুসৰি বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে প্রতিদ্বন্দ্বিতা কৰা সোণাই সমষ্টিত জয়লাভৰ ক্ষেত্রত সন্দেহ প্রকাশ কৰিছে ৰঞ্জিত দাসে৷ একেদৰে বিজেপি বিধায়ক থকা বৰখলা সমষ্টিও এইবাৰ সন্দেহজনক বুলি উল্লেখ কৰা হৈছে৷ বৰাকত ক্ষতিৰ সন্মুখীন হ’লেও পাহাৰীয়া দুই জিলা ডিমা হাছাও আৰু কার্বি আংলঙত পাঁচটা সমষ্টিয়েই বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰিছে ৰঞ্জিত দাসে৷ ইফালে বিগত নির্বাচনত কংগ্রেছৰ দখলত থকা ৮টা সমষ্টি এইবাৰ বিজেপিয়ে কাঢ়ি আনিব বুলি দাবী কৰি অহাৰ বিপৰীতে নির্বাচনী সমীক্ষাত শাসকীয় দলটোৱে বিৰোধীৰ ৬টা সমষ্টিহে কাঢ়ি আনিবলৈ সক্ষম হ’ব বুলি ইংগিত দিয়া হৈছে৷ কংগ্রেছৰ দখলত থকা ডুমডুমা সমষ্টি এইবাৰো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই সমীক্ষা অনুসৰি৷ একেদৰে নিজৰ দখলত থকা থাওৰা সমষ্টি এইবাৰ হেৰুৱাব লগা হ’ব পাৰে বিজেপিয়ে৷ অৱশ্যে কংগ্রেছৰ দখলত থকা সৰুপথাৰ, গোলাঘাট, তিতাবৰ, মৰিয়নি, শিৱসাগৰ আৰু নাজিৰা বিজেপিয়ে দখল কৰিব বুলি নিজা মত পোষণ কৰিছে সভাপতি ৰঞ্জিত দাসে৷

আনহাতে, অগপৰ দখলত থকা টীয়ক আৰু আমগুৰি সমষ্টি দুটাও এইবাৰ বিৰোধীয়ে কাঢ়ি নিয়াৰ সম্ভাৱনা স্পষ্ট কৰিছে ৰঞ্জিত দাসে৷ সমীক্ষা অনুসৰি নামনি অসমত বিজেপি আৰু মিত্রজোঁটে আশানুৰূপ ফলাফল দাঙি ধৰিবলৈ সক্ষম হোৱা নাই৷ নামনি অসমত কেৱল গোলকগঞ্জ, কোকৰাঝাৰ পূব, চিদলী, বঙাইগাঁও, বিজনী, দুধনৈ, সৰভোগ, ভৱানীপুৰ, পাটাছাৰকুছি সমষ্টিকেইটাতহে বিজেপি আৰু মিত্রদলৰ জয়ৰ সম্ভাৱনা দাঙি ধৰা হৈছে৷

ইফালে উত্তৰ অসমত মঙলদৈ, ওদালগুৰি হেৰুওৱাৰ সম্ভাৱনা স্পষ্ট কৰা হৈছে৷ মধ্য অসমত বিজেপিৰ দখলত থকা ৰহা আৰু বটদ্রৱা সমষ্টি এইবাৰ বিৰোধীয়ে কাঢ়ি নিয়াৰ সম্ভাৱনা স্পষ্ট হৈছে৷ আজি সমীক্ষা দাঙি ধৰি সভাপতি ৰঞ্জিত দাসে কয় যে বিজেপিয়ে নির্ধাৰণ কৰা ১০০+ৰ লক্ষ্যৰে এইবাৰ নির্বাচনত অৱতীর্ণ হৈ ৮০খনৰো অধিক আসন লাভ কৰিবলৈ সমর্থ হ’ব৷ এই সমীক্ষা দলৰ সাংগঠনিক শক্তি তথা বুথ, পৃষ্ঠাপ্রমুখৰ পৰা সংগ্রহ কৰা তথ্যৰ ভিত্তিত সাজু কৰা হৈছে৷ সভাপতিগৰাকীয়ে ইয়াকো দাবী কৰে যে ২০১৯ বর্ষত লোকসভা নির্বাচনৰ সময়ত বুথ আৰু পৃষ্ঠাপ্রমুখসকলে দাঙি ধৰা তথ্যৰ ভিত্তিত বিজেপিয়ে ৯খন আসন লাভ কৰিব বুলি আগতীয়াকৈ সমীক্ষা দাঙি ধৰা হৈছিল আৰু এই সমীক্ষা সত্যত পৰিণত হৈছিল৷ সেয়েহে এইবাৰো দলীয় সাংগঠনিক শক্তিৰ পৰা লাভ কৰা এই তথ্যৰ জৰিয়তে মিত্রজোঁটে ৮৩খনৰ অধিক আসন লাভ কৰিব বুলি বিজেপি নিশ্চিত৷ আনহাতে, মুখ্যমন্ত্রী কোন হ’ব, সেই প্রসংগত ৰাজ্যিক সভাপতিগৰাকীৰ মন্তব্য– পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, সেয়া সংসদীয় কমিটীয়ে চূড়ান্ত কৰিব৷

RELATED ARTICLES