peepl-small

দ্বিতীয় পর্যায়ৰ নির্বাচনঃ ড০ শর্মাৰ দাবী- পূর্বতকৈ দুখন আসন বেছিকৈ পাব বিজেপি মিত্রজোঁটে

PUBLISHED:

গুৱাহাটী:  অহা এক এপ্রিলত ভোটগ্রহণ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনত বিজেপি মিত্রজোঁটে পূর্বতকৈ এখনৰ পৰা দুখন আসন বেছিকৈ পোৱাৰ দাবী কৰিছে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই দাবী কৰি মন্ত্রী ড০ শর্মাই কয় যে দ্বিতীয় পর্যায়ৰ নির্বাচনত বিজেপি মিত্রজোঁটৰ দখলত বর্তমান থকা আটাইকেইখন আসনেই পুনৰ দখললৈ আহিব৷ আনকি পূর্বতকৈ এখনৰ পৰা দুখন আসন বৃদ্ধিহে পাব৷ দ্বিতীয় পর্যায়ত বিটিচিৰ অধীনস্থ যি চাৰিটা সমষ্টিত নির্বাচন হ’ব, তাৰে এটা সমষ্টি ইউপিপিএলে আৰু তিনিটা সমষ্টি বিজেপিয়ে দখল কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

তেওঁ কয় যে এইবাৰৰ নির্বাচনত বিজেপি মিত্রজোঁট সফল হ’ব৷ তৃতীয় পর্যায়ৰ নির্বাচনত বিজেপিৰ সহযোগী দল সফল হ’ব৷ মহাজোঁটৰ তলা–চাবি আজমলৰ হাতত আছে বুলি আজমলে কৰা মন্তব্যৰ প্রসংগত তেওঁ কয় যে প্রথম পর্যায়ৰ নির্বাচনত কংগ্রেছে আজমলৰ হাতত প্রচাৰৰ দায়িত্ব এৰি দিয়া নাছিল৷ উজনি অসমত নির্বাচনত প্রভাৱ পৰিব বুলি কংগ্রেছে তেনে কৰিছিল৷ কিন্তু প্রথম পর্যায়ৰ নির্বাচন শেষ হোৱাৰ পিছত কংগ্রেছে এতিয়া প্রচাৰৰ দায়িত্ব আজমলৰ হাতত এৰিছে৷ কংগ্রেছে এতিয়া তুষ্টিকৰণৰ ৰাজনীতি কৰিছে৷ বর্তমান আজমলে যিধৰণে কথা কৈ আছে, তেওঁ তেনেকৈয়ে আগৰে পৰাই কয়৷ যোৱা চাৰি মাহ ধৰি তেওঁ যি কথা হৈ আহিছে সেয়াই   হৈছে৷

তেওঁ আৰু কয় যে এআইইউডিএফৰ লগত কৰা মিত্রতাৰ বাবে কংগ্রেছৰ আসনৰ সংখ্যা তিনি নম্বৰলৈ নামিছে৷ এআইইউডিএফ এতিয়া ২ নম্বৰলৈ আহিল৷ এআইইউডিএফে কংগ্রেছক ঠগাই ভাল ভাল আসনবোৰ লৈ ল’লে৷ তাৰ বাবেই এআইইউডিএফ দ্বিতীয় স্থানলৈ আহিল আৰু কংগ্রেছ তৃতীয় স্থানলৈ গ’ল৷ আজমলৰ হুংকাৰৰ প্রসংগত তেওঁ কয় যে এই নির্বাচনত আমাৰ একতা কিমান ডাঙৰ সেয়া দেখুৱাব লাগিব৷ নির্বাচনৰ জৰিয়তে আজমলক এনে শিক্ষা দিব লাগিব, ভৱিষ্যতে যাতে তেওঁ ৰঙাচকু দেখুৱাব নোৱাৰে৷ সেইদৰে আজমলে ওপৰত আল্লা আৰু ইয়াত তেওঁ থকা বুলি কৰা মন্তব্যৰো তীব্র সমালোচনা কৰি কয় যে হজৰত মহম্মদেও নিজকে আল্লা বুলি কোৱা নাছিল৷ তেওঁ আল্লাৰ দূত বুলিহে কৈছিল৷

RELATED ARTICLES