peepl-small

নিশা ডেগাৰেৰে হানি খুঁচি বিজেপি কর্মীক বর্বৰ হত্যা

PUBLISHED:

গুৱাহাটী : বিটিচিৰ পৰিষদীয় নির্বাচনত জয়ী হৈ প্রমোদ বডো নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে শপত লোৱাৰ এসপ্তাহৰ পিছতে বাক্সা জিলাৰ মুছলপুৰত এগৰাকী বিজেপি কর্মীক ডেগাৰেৰে হানি–খুঁচি হত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, বাক্সা জিলাৰ আনন্দপুৰ চি ব্লক গাঁৱৰ মিণ্টু কলিতা নামৰ বিজেপি কর্মী তথা ব্যৱসায়ীগৰাকীয়ে সোমবাৰে নিশা মুছলপুৰৰ পৰা নিজ গৃহলৈ এ এছ–২৮ এ–৯৯৫৭ নম্বৰৰ স্কুটীৰে আহি থকা অৱস্থাত মুছলপুৰ থানাৰ অন্তর্গত লামিদাৰাত সংঘটিত হয় এই লোমহর্ষক হত্যাকাণ্ডটো৷ মূৰ আৰু পেটত ডেগাৰেৰে আক্রমণ কৰি হত্যা কৰাৰ পিছত দুর্বৃত্তই হাবিৰ মাজত পেলাই থৈ যায় মিণ্টু কলিতাক৷ আজি পুৱা স্থানীয় লোকে ক্ষত–বিক্ষত অৱস্থাত মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বাক্সা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বডো অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ অৱশ্যে মিণ্টু কলিতাৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যকাণ্ড বুলি সন্দেহ কৰা হৈছে যদিও কোনে কি কাৰণত হত্যাকাণ্ডটো সংঘটিত কৰিলে, সেয়া তদন্ততহে পোহৰলৈ আহিব৷ মুছলপুৰ আৰক্ষীয়ে ঘটনা সংক্রান্তত ১৩১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি হত্যাকাৰীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান৷

আছু, যুৱ–ছাত্র পৰিষদৰ গৰিহণা, দোষীক কৰায়ত্তৰ দাবী

বাক্সা জিলাৰ মুছলপুৰৰ লামিদাৰাত সংঘটিত নৃশংস হত্যাকাণ্ডক তীব্র ভাষাৰে গৰিহণা দিছে বাক্সা জিলা ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ আজি বাক্সা জিলা ছাত্র সন্থাৰ কার্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত বাক্সা জিলা ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদৰ জিলা সমিতিয়ে প্রাক্তন আছু কর্মী মিণ্টু কলিতাৰ হত্যাকাণ্ডক তীব্র ভাষাৰে গৰিহণা দিয়ে৷ ছাত্র সংগঠন দুটাই শীঘ্রে আৰক্ষী–প্রশাসনক দোষীক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ দাবী জনায়৷ লগতে পুনৰ বিটিচি অঞ্চলত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে, তাৰ বাবে প্রশাসনক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷ সংবাদ মেলত বাক্সা জিলা ছাত্র সন্থাৰ সম্পাদক দিগন্ত ডেকা, বাক্সা জিলা উন্নতি সভাৰ সম্পাদক অমৰেন্দ্র পাঠক আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ চন্দন দাস উপস্থিত থাকে৷

RELATED ARTICLES