peepl-small

উজনি–উত্তৰ অসমত নির্বাচনৰ গৰম বতাহঃ প্রচাৰত মিত্রজোঁটৰ চমক–নিস্তেজ মহাজোঁট

PUBLISHED:

গুৱাহাটীঃ নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে উজনি অসম আৰু উত্তৰ অসমত নির্বাচনৰ গৰম বতাহ বলিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁট আৰু কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া ৪৭টা সমষ্টিত প্রচাৰাভিযান অব্যাহত ৰাখিছে৷ পিছে নির্বাচনী প্রচাৰৰ ক্ষেত্রত মিত্রজোঁটে চমক সৃষ্টি কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁট এইক্ষেত্রত যথেষ্ট স্তিমিত হৈ ৰৈছে৷

বিশেষকৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলে যিদৰে নির্বাচনী প্রচাৰত উবুৰি খাই পৰিছে, তাৰ বিপৰীতে কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰসকলে প্রচাৰকার্যত নিয়োজিত হোৱা পৰিলক্ষিত হোৱা নাই৷ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী অসমলৈ আহি কেইবাখনো নির্বাচনী সমাৱেশত অংশগ্রহণ কৰাৰ পাছত দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাজিৰা আৰু মার্ঘেৰিটাত দুখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰে৷  সোমবাৰে পুনৰ অমিত শ্বাহ অসমলৈ আহি টাউন হল প্রগ্রেমত অংশগ্রহণ কৰি নির্বাচনী প্রচাৰকার্য চলায়৷ একেদৰে কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙেও ইতিমধ্যে অসমত নির্বাচনী ৰণডংকা বজাইছে৷

সোমবাৰে দিনটোত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ঢ়কুৱাখনা সমষ্টিৰ এম ভি ফিল্ড, চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ আই বি ফিল্ড আৰু বৰছলা সমষ্টিৰ বৰভগীয়া উচ্চতৰ মাধ্যমিক খেলপথাৰত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ একেদৰে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে নাহৰকটীয়া, দুলীয়াজান, ডিব্রুগড়ত তিনিখনকৈ নির্বাচনী সমাৱেশত ভাগ লয়৷ চৌহানৰ সৈতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালো উপস্থিত থাকে৷

তদুপৰি মুখ্যমন্ত্রী সোণোৱালে মাহমৰা আৰু ডুমডুমাত আজি দুখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত–স্বাস্থ্য–শিক্ষা– বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  বিহালী, গহপুৰ আৰু লখিমপুৰ সমষ্টিত নির্বাচনী প্রচাৰকার্য চলায়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও আজি সৰভোগ–পাটাছাৰকুছ্ সমষ্টিত দলৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ মুঠতে বিজেপিৰ প্রতিজন ষ্টাৰ কেম্পেইনাৰ প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰকার্যত উবুৰি খাই পৰা দেখা গৈছে৷ অহা ১৮ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমলৈ আহি নির্বাচনী প্রচাৰ চলাব৷ সেইদৰে মিত্রদল অগপয়ো প্রচাৰকার্য তীব্রতৰ কৰি তুলিছে৷ দলৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ নেতৃত্বই ধাৰাবাহিক ৰূপত প্রচাৰকার্য অব্যাহত ৰাখিছে৷

RELATED ARTICLES