peepl-small

উৎফুল্লিত ৰঞ্জিত দাসঃ চৰকাৰ গঠন নিশ্চিত বিজেপি আছে পৰম আনন্দত

PUBLISHED:

গুৱাহাটী: ২ মে’ত অসমবাসীৰ আশীর্বাদত মিত্রজোঁটে বৃহৎ সফলতা লাভ কৰিব৷ অন্তিম পর্যায়ৰ নির্বাচনৰ পাছতেই চৰকাৰ গঠনক লৈ চলি থকা চর্চাৰ মাজতেই বুধবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এইদৰে মন্তব্য কৰে৷
কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৭০খনতকৈ অধিক আসন দখলেৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি অহাৰ বিপৰীতে সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– এইবাৰ নিশ্চিত ৰূপত ডিষ্টিংচনসহ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব মিত্রজোঁটে৷ অসমবাসী ৰাইজৰ আশীর্বাদৰ ফলস্বৰূপে বিজেপি আৰু মিত্রদলে পুনৰ বৃহৎ সফলতা লাভ কৰিব৷ বিগত ৫ বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অধিকসংখ্যক উন্নয়নমূলক কাম হাতত ল’লে, তাৰ বাবে এইবাৰ ৰাইজৰ আশীর্বাদ বিজেপি আৰু মিত্রদলৰ ওপৰত৷ ২ মে’লৈ ৰাইজ আনন্দত থাকক আৰু বিজেপি পৰম আনন্দত থাকিব৷
তিনিটা পর্যায়ত সম্পন্ন হোৱা নির্বাচনত মিত্রজোঁটে ৮৬খন আসন লাভ কৰিব বুলিও আজি ৰঞ্জিত দাসে এক সমীকৰণ দাঙি ধৰে৷ সভাপতিগৰাকীয়ে প্রকাশ কৰা অনুসৰি উজনি অসমৰ ডিব্রুগড়, তিনিচুকীয়া, শদীয়া, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্রথম পর্যায়ত হোৱা নির্বাচনত বিজেপি আৰু মিত্রদলে ২৪খন আসন লাভ কৰিব৷ আনহাতে, বৰাক আৰু মধ্য অসমত মিত্রদলে ৯খনকৈ মুঠ ১৮খন আসন লাভ কৰিব৷ একেদৰে পাহাৰীয়া জিলা ডিমা–হাছাও, কার্বি আংলং, পশ্চিম কার্বি আংলঙৰ ৫খন আসনৰ পাঁচোখনেই মিত্রজোঁটে লাভ কৰাটো নিশ্চিত৷

উত্তৰ অসমত মিত্রজোঁটে এইবাৰ ১২খন আসন লাভ কৰিব৷ বি টি এ ডিত হাগ্রামা মহিলাৰীৰ প্রত্যাহ্বান ওফৰাই মিত্রজোঁটে লাভ কৰিব ৯খনকৈ আসন৷ একেদৰে কামৰূপ, দৰং আৰু নলবাৰী জিলাত মিত্রজোঁটে লাভ কৰিব ১১খন আসন, পশ্চিম অসমত বিজেপি–মিত্রদলৰ দখললৈ আহিব ৭খনকৈ আসন৷ ৰঞ্জিত দাসৰ মন্তব্য– নির্বাচনী পৰীক্ষাত ডিষ্টিংচনসহ চৰকাৰ গঠন কৰিবলৈ সাজু হৈ আছে মিত্রজোঁট৷ অসমবাসী ৰাইজক ইয়াৰ বাবে সেৱা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ৷ ৰাজ্যবাসীৰ সহায়–সহযোগৰ বাবে মিত্রজোঁটে এই সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব৷ সমান্তৰালভাৱে বিজেপি, অগপ আৰু ইউ পি পি এলৰ কার্যকর্তাসকলৰ ত্যাগ–কষ্টৰ বাবে মিত্রজোঁটৰ এই জয় সম্ভৱ হৈছে৷

RELATED ARTICLES