peepl-small

‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক’

PUBLISHED:

গুৱাহাটীঃ ‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক আৰু মুখ্যমন্ত্রী হওক৷’ –এই প্রত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে অসমত মমতা বেনার্জীৰ দল কেতিয়াও সফল হ’ব নোৱাৰে৷ শেহতীয়াকৈ অখিল গগৈ মমতা বেনার্জীৰ লগ লগাৰ প্রসংগতো তির্যক মন্তব্য কৰি সভাপতি কলিতাই কয় যে হাজাৰ অখিল লগ লাগক৷

অসমত তৃণমূল কংগ্রেছ সফল নহয়৷ অসমত তেওঁলোকৰ কোনো কাম নহয়৷ অহা বছৰ অখিল গগৈ নির্বাচনত নিজেই হাৰিব বুলি উল্লেখ কৰি সভাপতি কলিতাই কয় যে তেওঁ এই মুহূর্তত নিজৰ দলটো ঠিক কৰা উচিত৷ সেইদৰে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱৰ কংগ্রেছ ত্যাগৰ প্রসংগতো সভাপতি কলিতাই কয় যে কংগ্রেছে এতিয়া দলৰ খহনীয়া কেনেদৰে ৰোধ কৰিব, সেই সুৰক্ষাৰ বিষয়ে ভবা উচিত৷

RELATED ARTICLES