peepl-small

বিজেপিৰে মিত্রতা কৰি অগপ-ইউপিপিএলৰ উত্থান; বিধ্বস্ত এজেপি–ৰাইজৰ দল

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যত আঞ্চলিকতাবাদ ক্রমাৎ নিশকতীয়া হৈ অহা বুলি চলি থকা চর্চাৰ মাজতে দেওবাৰে ঘোষিত নির্বাচনৰ ফলাফলে আন এখন ছবি দাঙি ধৰিছে৷ ফলাফলত ৰাজ্যৰ প্রধান আঞ্চলিক দল ৰূপে পৰিচিত অসম গণ পৰিষদে (অগপ) ৯খন আসনত জয়ী হৈ আঞ্চলিকতাবাদৰ শক্তি প্রতিপন্ন কৰাৰ লগতে বিজেপিৰ জয়তো মূল্যৱান অৰিহণা আগবঢ়ায়৷

প্রসংগক্রমে উল্লেখ্য যে বিজেপিৰ সৈতে মিত্রতা স্থাপন কৰি অগপই আঞ্চলিকতাবাদৰ চৰিত্র হেৰুওৱা বুলি সমালোচিত হৈ আহিছিল৷ মন কৰিবলগীয়া যে বিজেপিৰ সংগী হোৱা বাবে ৰাষ্ট্রীয় দলটোৱে অগপক নিশ্চিহ্ণ কৰিব বুলি তুমুল চর্চা চলিছিল৷ এনে অৱস্থাত এইবাৰ নির্বাচনত দুখন বা তিনিখন আসনতে অগপ সন্তুষ্ট থাকিব বুলিও একাংশ ৰাজনৈতিক বিশ্লেষকে মত পোষণ কৰিছিল৷ তাৰ বিপৰীতে উজনিত নিজৰ শক্তিশালী স্থিতি প্রতীয়মান কৰি অগপই আশা কৰাতকৈ যথেষ্ট ভাল ফল দেখুওৱাই নহয়, দলটোৱে ৯খন আসন দখল কৰাৰ লগতে বিজেপিৰ জয়তো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিলে৷

একেদৰে প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলেও প্রথমবাৰ নির্বাচনত বিজেপিৰ সৈতে মিত্রতাৰে ৭খন আসন দখল কৰিবলৈ সক্ষম হয়৷ অগপ আৰু ইউ পি পি এলৰ এনে উত্থানৰ বিপৰীতে এইবাৰ সম্পূর্ণভাৱে নিষ্প্রভ হৈ পৰিল আন এক আঞ্চলিক দল বিপিএফ৷ এই নির্বাচনৰ পূর্বে বিটিচিত বিপিএফক একাষৰীয়া কৰি অন্য দলৰ অস্তিত্ব একপ্রকাৰ অসম্ভৱ আছিল৷ কিন্তু বিটিআৰ চুক্তিৰ পিছতে বিটিচিৰ পৰিৱেশ সলনি হোৱাই নহয়, বিপিএফৰ শক্তিশালী স্থিতি থানবান হৈ পৰে৷ ইয়াৰ প্রতিফলন ঘটিল এইবাৰৰ নির্বাচনত৷

হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৰ তিনিজন মন্ত্রী তথা শক্তিশালী নেতাৰ পৰাজয়ৰ পিছত বড়োভূমিত বিপিএফে যে পূর্বৰ গণভিত্তি হেৰুৱাইছে, সেয়া স্পষ্ট ৰূপত দেখা পোৱা গ’ল৷ মাত্র চাৰিখন আসন দখল কৰা বিপিএফে বিজেপিৰ দৰে ৰাষ্ট্রীয়তাবাদী দলে আঞ্চলিকতাবাদক ধ্বংস কৰা বুলিও অভিযোগ তুলিছিল৷ এনে অভিযোগৰ বিপৰীতে বিপিএফে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হৈ এইবাৰ নির্বাচনত অৱতীর্ণ হৈছিল৷

বিজেপিৰ ৰাষ্ট্রীয়তাবাদক সমালোচনা কৰা বিপিএফে আন এক ৰাষ্ট্রীয় দল কংগ্রেছৰ সংগী হৈ আঞ্চলিক দলক শক্তিশালী ৰূপত উপস্থাপন কৰিব নোৱাৰিলে৷ কার্যতঃ এই নির্বাচনে বড়োভূমিৰ পৰা বিপিএফৰ শক্তিশালী ভেটি উছন কৰাই নহয়, ইউ পি পি এলৰ শক্তি দুগুণ বৃদ্ধি কৰিলে৷

লক্ষণীয়ভাৱে এইবাৰৰ নির্বাচন ৰাষ্ট্রীয়তাবাদৰ বিৰুদ্ধে আঞ্চলিকতাবাদ বুলি প্রচাৰ চলাই নির্বাচনত অৱতীর্ণ হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও আঞ্চলিকতাবাদক সঠিক ৰূপত তুলি ধৰিব নোৱাৰিলে৷ ৰাষ্ট্রীয়তাবাদৰ লগত থাকি অগপ আৰু ইউ পি পি এলৰ উত্থান ঘটাৰ বিপৰীতে এই নির্বাচনত আঞ্চলিক দল ৰূপে ভূমিষ্ঠ হোৱা অসম জাতীয় পৰিষদে প্রথম খোজতে মুখথেকেচা খালে৷ ইয়াৰ বিপৰীতে এখন আসনেৰে কোনোমতে সন্মান ৰক্ষা হ’ল ৰাইজৰ দলৰ৷

RELATED ARTICLES