peepl-small

বৰপেটাত কঠীয়াতলীত বিহ দি শতাধিক ঘনচিৰিকা কপৌ নিধনঃ কৃষকক গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটী: বৰপেটা সদৰ থানাৰ অন্তর্গত শিলা গাঁৱৰ খেতিপথাৰত বিহ ঢ়ালি দিয়াত কালি তিনি শতাধিক ঘনচিৰিকা আৰু কপৌ চৰাইৰ মৃত্যু হয়৷ এনে অমানৱীয় কাণ্ড প্রচাৰ হোৱাৰ লগে লগে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে৷ ৰাইজে কৃষিভূমিত খেতি কৰা কৃষকজনে এই দুষ্কার্য সংঘটিত কৰা বুলি সন্দেহ প্রকাশ কৰে৷ উল্লেখ্য যে যিখিনি কৃষিভূমিত এই পশু–পক্ষী নিধনযজ্ঞ চলিছে, সেইভূমিৰ চাৰিসীমাতো খেতি আছে৷ কিন্তু সেই কৃষিভূমিসমূহত পক্ষী মৰা নাই৷ তাত বিহো দিয়া নাই৷ যাৰ বাবে ৰাইজে সেই খেতিখিনি কৰা কৃষকজনকে বিষাক্ত বিহ মিহলাই পশু–পক্ষীবোৰ হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ বিষাক্ত দ্রব্য খাই পশু–পক্ষী মৰা ঘটনা দেখি উদ্বেগ প্রকাশ কৰে পশুপ্রেমী তথা স্থানীয় ৰাইজে৷

ক্রমাৎ বিলুপ্তিৰ পথত অগ্রসৰ হোৱা ঘনচিৰিকা আৰু কপৌ পক্ষীৰ এই নিধনযজ্ঞই প্রকৃতিৰ লগতে মানৱ জাতিৰ প্রতিও ক্ষতিকাৰক বুলি মন্তব্য কৰি একাংশ সচেতন লোকে এই বিষয়টো জিলা উপায়ুক্তক অৱগত কৰে৷ বৰপেটা জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে সমগ্র বিষয়টো অনুসন্ধান কৰি পশু–পক্ষী নিধন কৰা অপৰাধত আজি কৃষক এজনক আটক কৰে৷ ধৃত কৃষকজন ২নং শিলা গাঁৱৰ মান্নান আলী৷ বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হা, বৰপেটা সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেসহ আৰক্ষীৰ এটা দল আজি ঘটনাস্থলীত উপস্থিত হয়৷ পক্ষী নিধন ঘটনাক গুৰুত্বসহকাৰে লৈ বৰপেটা জিলা প্রশাসনেও প্রাথমিক তদন্ত আৰম্ভ কৰিছে৷ পশুপালন বিভাগৰ চিকিৎসকৰ দল ঘটনাস্থলীলৈ প্রেৰণ কৰে৷

আনহাতে, আৰক্ষী প্রশাসনে কৃষিভূমি বন্ধকত লোৱা শিলা গাঁৱৰ পজিৰুদ্দিন আহমেদৰ পুত্র মান্নান আলীক আটক কৰি থানালৈ লৈ যায়৷ কৃষিভূমিৰ গৰাকী হ’ল শিলা গাঁৱৰ হৰকুমাৰ শর্মা৷ হৰকুমাৰ শর্মাই পজিৰউদ্দিনৰ ওচৰত মাটিডৰা বন্ধকত থৈছিল৷ সেই মাটিখিনিত মান্নান আলীয়ে পকদহ গাঁৱৰ কেইবাজনো কৃষকক কঠীয়া সিঁচিবলৈ দিছিল৷ কঠীয়াবোৰ অন্য জীৱ–জন্তু, চৰাই–চিৰিকটিৰ পৰা ৰক্ষা পোৱাৰ মানসেৰে কঠীয়া সিঁচা কৃষকসকলে বিহ দিয়াৰ দৰে অমানৱীয় কার্য কৰে৷ যাৰ ফলত কঠীয়াতলীত বীজ খাই শ শ পশু–পক্ষীৰ লগতে অন্যান্য পোহনীয়া জন্তুৰ মৃত্যু ঘটে৷ এই ঘটনাত জডিতক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্রদান কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ নিষ্ঠুৰ, অমানৱীয় কাণ্ড সংঘটিত নহয় তাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷

RELATED ARTICLES