peepl-small

বিয়াত বহিবলৈ ওলাইছে বিল গেটছৰ দুহিতা জেনিফাৰে

PUBLISHED:

গুৱাহাটী: বিয়াত বহিবলৈ ওলাইছে মাইক্র’ছফ্টৰ প্রতিষ্ঠাতা বিল গেটছৰ জ্যেষ্ঠ দুহিতা জেনিফাৰে৷ পিতৃ–মাতৃৰ বিচ্ছেদৰ মাজতেই জেনিফাৰৰ বিয়াৰ প্রস্তুতিৰ খবৰে আমেৰিকাৰ সংবাদ মাধ্যমত আলোড়ন তুলিছে৷ কাৰণ জেনিফাৰৰ স্বামী হ’ব ইজিপ্ত মূলৰ এজন মুছলমান যুৱক৷ ২৫ বছৰীয়া জেনিফাৰ আৰু ৩০ বছৰীয়া নায়েল নাছেৰক অলপতে কেলিফ’র্নিয়াৰ এক বেছেলৰ পার্টীত দেখিবলৈ পোৱা গৈছিল৷ ষ্টেনফ’ড বিশ্ববিদ্যালয়ত অধ্যয়নৰ সময়ত দুয়োৰে পৰিচয় হৈছিল৷ তেতিয়াৰে পৰা দুয়োৰে মাজত চলি আছে গভীৰ প্রণয়ৰ সম্পর্ক৷

উল্লেখনীয় যে নাছেল হৈছে এজন পেছাদাৰী ঘোঁৰা দৌৰবিদ৷ আমেৰিকাৰ চিকাগোত জন্ম হ’লেও নাছেৰৰ শৈশৱ অতিবাহিত হৈছিল কুৱেইটত৷ দুয়োৰে মাজত বিয়াৰ প্রস্তুতি পূর্ণোদ্যমে চলা বুলি আমেৰিকাৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ লক্ষণীয়ভাৱে নাছেৰৰ বাবেই আগন্তুক টকি’ অলিম্পিকত ইজিপ্ঢৰ স্থান নিশ্চিত হৈছে৷ চলিত বছৰৰ আৰম্ভণিতে জেনিফাৰ আৰু নাছেৰৰ মাজত বাক্দান প্রক্রিয়া সম্পূর্ণ হৈছিল৷ লক্ষণীয়ভাৱে পিতৃ বিল গেটছ আৰু মাতৃ মিলিণ্ডাৰ মাজত বিবাহ বিচ্ছেদ হৈছে যদিও কন্যাৰ বিয়াত দুয়োগৰাকীয়েই উপস্থিত থকাৰ সম্ভাৱনা আছে বুলিও সংবাদ মাধ্যমে সদৰী কৰিছে৷

RELATED ARTICLES

RECENT ARTICLES