peepl-small

পানীখাইতীত চুৰি বাইক বৰঝাৰত উদ্ধাৰঃ গভাইত চোৰ গ্রেপ্তাৰ

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে মহানগৰীত সক্রিয় হৈ আছে গাড়ীচোৰ চক্র৷ তেনে চক্রৰ সদস্য এজনক নিশা বৰঝাৰ আউট পোষ্টৰ আৰক্ষীয়ে আটক কৰে৷ লগতে চুৰি বাইক এখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ প্রাপ্ত তথ্য অনুসৰি পানীখাইতীৰ পৰা চুৰি কৰি লৈছিল

বাইকখন৷ ঘটনাৰ সবিশেষ জানিব পৰা মতে য়ংষ্টাৰ মমিন (১৮)ৰ নামৰ যুৱক এজনে বিগত কিছুদিনৰ পৰা চাইফুলে ইছলাম নামৰ ৰাজমিস্ত্রী এজনৰ সৈতে যোগালী হিচাপে কাম কৰি আছিল৷ একেলগে কাম কৰাৰ সুবাদতে ঘনিষ্ঠ হৈ পৰা যুৱকজনে কালি সুযোগ বুজি মাত্র এদিন পূর্বে ক্রয় কৰি অনা ১৫০ বাজাজ বাইকখন লৈ উধাও হয়৷ বাইক আৰু যুৱকজন একে সময়তে অন্তর্ধান হোৱাত সন্দেহ উপজি বাইকখনৰ গৰাকী চাইফুল ইছলামে কালি সন্ধিয়া এখন এজাহাৰ দিয়ে পানীখাইতী আৰক্ষীক৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাত ১৩৯ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে বৰঝাৰ আৰক্ষীৰ হাতত কৰায়ত্ত হয় বাইকসহ চোৰটো৷ নিশাই চোৰটোক পানীখাইতী আৰক্ষীয়ে চমজি লৈ চন্দ্রপুৰলৈ আনে৷ সোধা–পোছাৰ অন্তত আজি নায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায় পিছত দণ্ডাধীশে হাজোতলৈ প্রেৰণ কৰিছে চোৰটোক৷ জানিব পৰা মতে ধৃত চোৰটো পশ্চিম গাৰোপাহাৰ জিলাৰ তুৰাৰ বাসিন্দা৷

RELATED ARTICLES