peepl-small

বাইকত অহা দুর্বৃত্তই কাঢ়ি নিলে ১৯ লাখ

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ আৰ জি বৰুৱা পথৰ নার্ছাৰীত এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে৷ এগৰাকী ব্যৱসায়ীৰ পৰা দুর্বৃত্তই ৯ লাখ টকা কাঢ়ি নিয়ে৷ আৰক্ষী সূত্রে জানিব পৰা মতে গণেশগুৰিৰ ৰাহুল ষ্টোৰৰ স্বত্বাধিকাৰ শংকৰ কুমাৰ পূর্বেই কালি বিয়লি দোকান বন্ধ কৰি ঘৰমুৱা হওঁতেই বিয়লি প্রায় চাৰি বজাত নার্ছাৰীত বাইকত অহা দুর্বৃত্তই তেওঁৰ টকাৰ বেগটো কাঢ়ি লৈ উধাও হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী ব্যৱসায়ীজনে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷

ইপিনে, মহানগৰীৰ খাৰঘুলিত মঙলবাৰে বিয়লি প্রায় ৩.৩০ বজাত আন এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়৷ প্রাপ্ত খবৰ মতে নৱজ্যোতি শর্মা নামৰ ব্যক্তিজনে ১০ লাখ টকা লৈ যোৱাৰ সময়তে বাইকত অহা দুর্বৃত্তই আগভেটি ধৰি তেওঁৰ টকাৰ বেগটো কাঢ়ি লৈ উধাও হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী লোকজনে লতাশিল থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷ উল্লেখ্য যে নৱজ্যোতি শর্মাই ক্রয় কৰা মাটিৰ ধন দিবলৈ টকাখিনি লৈ যোৱাৰ সময়তে দুর্বৃত্তই কাঢ়ি নিয়ে৷

RELATED ARTICLES