গুৱাহাটী: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণ ৷
বিজনী কুকলং ৰেঞ্জৰ পৰা ওলাই অহা বন্যহস্তীটোৱে আঘাত লৈয়ে ৰাঙিঝৰা , দৈচুমগুৰি আদি জন অঞ্চলত বিগত কেইবাদিন ধৰি বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে ৷
আঘাতপ্ৰাপ্ত হাতীটো ক্ৰমাত দুৰ্বল হৈ পৰিছে যদিও বৰ্তমানলৈ বন বিভাগৰ ফালৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাই ৷
দিনক দিনে খোজ কাঢ়িব নোৱাৰা হৈ গৈ থকা হাতীটোৰ শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ শংকা কৰিছে স্থানীয় ৰাইজে ৷
আঘাতপ্ৰাপ্ত বন্যহস্তীটোক শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগক দাবী জনাইছে ৷