peepl-small

বিজনীৰ সম্ভাৱ্য বান, নৈৰ খহনীয়া পৰিদৰ্শন বিটিচিৰ উপাধ্যক্ষ,বিধায়ক, উপায়ুক্তৰ

PUBLISHED:

গুৱাহাটী:  চিৰাং জিলাৰ বিজনী মহকুমাৰ মাজেৰে পাৰ হোৱা জিলাখনৰ প্ৰধান উপনৈ আইনৈৰ সম্ভাব্য বান পৰিস্থিতিৰ লগতে আইনৈৰ মথাউৰিৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিজনীৰ মহকুমাধিপতি দিবাকৰ নাথে মাজৰাবাৰী বান্ধপৰিদৰ্শন কৰে ৷ দলটোৱে মাজৰাবাৰী, শিশুবাৰী, সন্যাসীবাৰী, খুজুৰাপগুৰি আদি ঠাই পৰিদৰ্শন কৰি নৈ পৰীয়া গাঁও সমূহৰ খহনীয়া আৰু সম্ভাৱ্য খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷

উল্লেখযোগ্য যে, চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ পৰা প্ৰতি বছৰে অহা পানীয়ে অসমৰ কেবাখনো জিলাৰ লগতে চিৰাং জিলাতো বান পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ চিৰাং জিলাৰ আই নৈয়ে বিগত বছৰ সমূহত বিভীষিকাৰ সৃষ্টি কৰি আহিছে ৷ সম্ভাৱ্য বান আৰু নৈৰ খহনীয়া পৰিদৰ্শন কৰে। চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, জলসম্পদ, বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়া আৰু জনপ্ৰতিনিধিৰ উপস্থিতিত জিলাখনৰ বিজনী মহকুমাৰ বানপানী প্ৰৱল এলেকা পৰিদৰ্শন কৰি সমস্যা দূৰ কৰাৰ চেষ্টা কৰা হ’ব | লগতে বানপানীয়ে যাতে ৰাইজৰ বিশেষ ক্ষতি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব |

বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, নতুনকৈ বিধায়ক নিৰ্বাচিত হৈ তেওঁ প্ৰথমে শিকাৰ লগতে বিজনী মহকুমাৰ বান পৰিস্থিতিৰওপৰত বিশেষকৈ গুৰুত্বাৰোপ কৰিছে ৷
ভূটানৰ পৰা নামি অহা বানে যাতে ভবিষ্যতে ৰাইজৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে বান প্ৰতিৰোধী চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে |

RELATED ARTICLES