peepl-small

অনুষ্ঠিত হ’ব হেঁপাহৰ বিহু, জনালে ড০ হিমন্ত বিশ্ব শৰ্মাই

PUBLISHED:

গুৱাহাটীঃ ক’ৰোনাৰ দ্বিতীয় সংক্ৰমণক লৈ দেশত সাৱধানতা অৱলম্বনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনোৱাৰ পিছত ৰাজ্যখনত নানা উৰাবাতৰি ওলাই আছিল। পুনৰ লকডাউন হোৱাৰ আশংকাৰ লগতে বিহু অনুষ্ঠান পতাক লৈ ৰাইজৰ মাজত সন্দেহ হৈছিল। কিন্তু এই সকলো সন্দেহৰ নিৰসন ঘটালে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লোৱাৰ সময়ত মন্ত্ৰী ড০ শৰ্মাই কয় যে নিৰ্বাচন যিদৰে হৈছে, বিহুও তেনেদৰে অনুষ্ঠিত হ’ব। মন্ত্ৰী ড০ শৰ্মাই কয়- ‘লকডাউন নহয়, এইবাৰ বিহুত শিল্পীসকলে অনুষ্ঠান কৰিব। যোৱাবাৰ আৰ্টিষ্টসকলৰ বহুখিনি লোকচান হৈছে। আমি যদি নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিছো, তেন্তে ব’হাগ বিহুও হ’ব।’

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা অসমত এটা সময়ত প্ৰতিদিনে ৩৫০০ৰো অধিক আছিল, আজি ২০-৩০টাকৈ আক্ৰান্ত হৈছে। এনে অৱস্থাত বিহু অনুষ্ঠিত হ’ব বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে ড০ শৰ্মাই বিহুৰ অনুষ্ঠানত সকলোকে মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনায়।

RELATED ARTICLES