peepl-small

বিহপুৰীয়াৰ নেওগ চুবাত বিয়া খাই ক’ৰোনাত আক্রান্ত ২২

PUBLISHED:

গুৱাহাটী: একাংশ অসচেতন লোকৰ বেপৰোৱা আচৰণে ৰাজ্যত ক’ৰোনাৰ দ্রুত সংক্রমণত ইন্ধন যোগাইছে৷ বজাৰ–সমাৰত মাস্ক সঠিকভাৱে পৰিধান নকৰাকৈ ঘূৰি ফুৰাৰ লগতে একাংশ লোকে উৎসৱ–পার্বণ–অনুষ্ঠানৰ আয়োজনৰ ক্ষেত্রত প্রশাসনৰ নির্দেশ অমান্য কৰিও বিপদ মাতিছে সমাজলৈ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তর্গত বঙালমৰা কাৰিপুখুৰী গাঁৱৰ নেওগ চুবাত৷ যোৱা ২ মে’ত নেওগ চুবাত অনুষ্ঠিত এক বিবাহৰ অভ্যর্থনা অনুষ্ঠানৰ পৰাই সমগ্র অঞ্চলটোত ক’ৰোনাৰ গণসংক্রমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

প্রাপ্ত তথ্য অনুসৰি, উক্ত বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰা মুঠ ২২জন লোক আক্রান্ত হৈছে ক’ৰোনাত৷ যোৱা ২ মে’ত স্থানীয় বিপুল নেওগৰ বৰজীয়ৰীৰ বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ প্রশাসনৰ নির্দেশ অনুসৰি বিবাহ অনুষ্ঠানত ৫০জন অতিথি উপস্থিত থাকিব পাৰে৷ কিন্তু উক্ত বিবাহ অনুষ্ঠানত ৫০জনতকৈ অধিক লোক উপস্থিত থাকে৷ বিয়াৰ পিছতে অঞ্চলটোৰ কেইবাজনো লোক চর্দি, জ্বৰ, কাহত ভোগে৷ লগে লগে অঞ্চলটোত স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্ট কৰে৷ এই ৰেপিড এণ্টিজেন টেষ্টত চাৰিজন ক’ভিড পজিটিভ বুলি ধৰা পৰে৷ পৰৱর্তী সময়ত সমগ্র অঞ্চলটোৰ মুঠ ৭০জন লোকৰ আজি পুনৰ ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰে সংশ্লিষ্ট জিলা স্বাস্থ্য বিভাগে৷

শুকুৰবাৰে এই পৰীক্ষাত মুঠ ১৮জন লোক ক’ভিডত আক্রান্ত বুলি ধৰা পৰে৷ সমগ্র বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি লখিমপুৰ জিলা উপায়ুক্তই উক্ত অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ উপায়ুক্ত খর্গেশ্বৰ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে অঞ্চলটোত ক’ৰোনাৰ দ্রুত সংক্রমণ ঘটিছে আৰু ক’ৰোনাৰ শৃংখল ভাঙিবৰ বাবে মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ তেওঁ সকলো ধৰণৰ ৰাজহুৱা কার্যসূচীৰ পৰা জিলাখনৰ ৰাইজক আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে৷ আজি জিলাখনত মুঠ ১১৯জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে লখিমপুৰত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা ৯৮৮জনলৈ বৃদ্ধি পালে৷

জিলাখনৰ পানীগাঁৱৰ খাৰতকাটি বালিগাঁৱৰ এটা অংশৰ ১০জন লোক আক্রান্ত হোৱাত অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ ইফালে, ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰে গণ সংক্রমণৰ ৰূপ লৈছে যোৰহাটত৷ দক্ষিণ যোৰহাটৰ ন–আলি মাজগাঁৱত ইতিমধ্যে এগৰাকী ন–বোৱাৰীসহ মুঠ ৭জন ব্যক্তি আক্রান্ত হৈছে ক’ভিডত৷ জানিব পৰা মতে, কেইদিনমান পূর্বে গাঁওখনত এখন বিবাহ সম্পন্ন হৈছিল৷ এই বিয়াখনৰ পিছতে ন–কইনাৰ লগতে ননদো আক্রান্ত হৈছে ক’ভিডত৷ সমান্তৰালভাৱে গাঁওখনৰ আন দুজন লোকো আক্রান্ত হৈছে মহামাৰী ক’ৰোনাত৷ স্থানীয় আশাকর্মীয়ে প্রকাশ কৰা অনুসৰি গাঁওখনৰ আন বহু লোক বর্তমান জ্বৰ, কাহত আক্রান্ত হৈ আছে৷ এই অসুস্থ একাংশ লোকে দিন হাজিৰা কৰিবলৈ বিভিন্ন স্থানলৈ গৈছে বুলিও জানিব পৰা গৈছে৷ গাঁওখনৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰোৱা হৈছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

RELATED ARTICLES