peepl-small

ভৰলু নদী নিষ্কাশন পৌৰ নিগমৰ

PUBLISHED:

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমে দিনে–নিশাই চলাইছে নলা–নর্দমা নিষ্কাশনৰ কাম৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ নির্দেশমর্মে পৌৰ নিগমে মহানগৰীৰ সকলো নলা–নর্দমা নিষ্কাশনৰ লগতে বাৰিষাৰ সময়ছোৱাত যাতে কৃত্রিম বানৰ ফলত কোনো অঘটন ঘটিব নোৱাৰে, তাৰ বাবে সতর্কতাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ মহানগৰীৰ অলিয়ে–গলিয়ে থকা বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰাৰ বাবে পৌৰ নিগমে বিভাগীয় কর্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷

বাৰিষাৰ সময়ছোৱাত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা অনিল নগৰ, নবীন নগৰকে ধৰি হাতীগাঁও, লখৰা বশিষ্ঠ আদি অঞ্চলত ক্ষিপ্রতাৰে চলিছে নলা নিষ্কাশন৷ তদুপৰি মহানগৰীৰ বাহিনী নৈৰ দুয়োকাষে থকা ঘাঁহ–বন আৰু আৱর্জনা নিষ্কাশনৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা পৰিলক্ষিত হৈছে৷

জি এম চিৰ মুখ্য অভিযন্তা দেৱজিৎ দাসে সঘনাই নলা–নর্দমা নিষ্কাশনৰ কামৰ বুজ লৈ এই ক্ষেত্রত স্থানীয় লোকসকলৰ সহযোগিতা কামনা কৰিছে৷ বিশেষকৈ প্লাষ্টিক আৰু অন্যান্য আৱর্জনা যাতে কোনো লোকে নলাত দলিয়াই পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে আহ্বান জনাই স্থানীয় লোকক কৃত্রিম বান সমস্যা দূৰ কৰাৰ ক্ষেত্রত সহযোগ কৰিবলৈ আহ্বান জনায়৷ ইপিনে, আজি মহানগৰীৰ ফাঁচীবজাৰতো পৌৰ নিগমে পূর্ণগতিত নলা নিষ্কাশন কৰাৰ লগতে ড্রেজাৰেৰে ভৰলু নৈৰ বোকা–আৱর্জনা নিষ্কাশন কৰে৷

RELATED ARTICLES