peepl-small

২৯ জুনত দায়িত্ব ল’ব ভৱেশ কলিতাই

PUBLISHED:

গুৱাহাটীঃ অহা ২৯ জুনত দায়িত্বভাৰ গ্রহণ কৰিব ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত হ’বলগীয়া ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত তেওঁ দায়িত্বভাৰ গ্রহণ কৰিব৷ ইফালে আজি হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত উষ্ম আদৰণি জনোৱা হয় নৱনিযুক্ত সভাপতি কলিতাক৷ ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন গগৈয়ে আঁত ধৰা এক অনুষ্ঠানত দলৰ কেইবাজনো সদস্যই ভৱেশ কলিতাক গামোচা পিন্ধাই আদৰণি জনায়৷ ইফালে এই অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত নৱনিযুক্ত সভাপতি কলিতাই কয় যে আগন্তুক সময়ত জ্যেষ্ঠসকলৰ মার্গ দর্শন আৰু সতীর্থ তথা অনুজসকলৰ উদ্যম আৰু সহায়–সহযোগিতাৰে তেওঁ দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তুলিব৷

ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৰে এটা গুৰুদায়িত্ব প্রদান কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এজন সাধাৰণ কার্যকর্তা হিচাপে ১৯৯১ চনত যোগদান কৰাৰ পাছত ৰাজ্যিক সভাপতি পদত অধিষ্ঠিত হ’বলৈ পাই তেওঁ গৌৰৱান্বিত বুলি উল্লেখ কৰি কয়– ‘একমাত্র বিজেপিৰ দৰে এটা আদর্শৱান দলৰ মজিয়াতহে এয়া সম্ভৱ৷ বর্তমানৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু পূর্বৰ সভাপতিসকলে দলৰ কার্যকর্তাসকলৰ সহযোগত একাগ্রতা আৰু নিষ্ঠাৰে যি সেৱা আগবঢ়াই থৈ গৈছে, তাৰ বাবেই অসমত ভাৰতীয় জনতা পার্টীয়ে এক সবল স্থিতিত উপনীত হ’ব পাৰিছে৷ জ্যেষ্ঠজনক সন্মান, কনিষ্ঠক মৰমৰ সমন্বয়ৰ সেতুৰে আগন্তুক সময়ত বিজেপিক অধিক শক্তিশালী কৰিব বিচাৰোঁ৷ সকলো জাতি–জনগোষ্ঠীক একত্রিত কৰি, মিত্রদলসমূহৰ সৈতে সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰি আগন্তুক সময়ত দলটোক অধিক শক্তিশালী কৰি তুলিম৷’

ইফালে বর্তমান খালী হৈ থকা তিনিটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত বিজেপিয়ে বৃহৎ জয়লাভ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ বর্তমানৰ চৰকাৰখনৰ কার্যপন্থাৰ শলাগ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাৰ নেতৃত্বত মাত্র ৪৫ দিনতে আমূল পৰিৱর্তন হৈছে বুলি উল্লেখ কৰি কলিতাই বর্তমানৰ ৰাজ্য চৰকাৰখনে ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানক উচ্চ প্রশংসা কৰে৷ শেহতীয়াকৈ মহাজোঁটৰ এখন সংবাদ মেলত বি পি এফৰ অনুপস্থিতি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কলিতাই পুনৰ কয়– ‘বিজেপিয়েই একমাত্র দল, যিয়ে অসমক ৫খন সর্বশ্রেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ বিচাৰে৷ মহাজোঁট নহয়, মহাজঁট হ’ব বুলি মই নির্বাচনৰ সময়তে প্রকাশ কৰিছিলোঁ৷ সমষ্টিৰ উন্নয়নৰ স্বার্থত ৰাইজে জনপ্রতিনিধি নির্বাচন কৰে৷ কিন্তু কংগ্রেছত থাকি সমষ্টি উন্নয়ন কৰিব পৰা নাছিল৷ যাৰ বাবে সমষ্টিবাসীৰ সৈতে বার্তালাপ কৰি একাংশ নেতাই বিজেপিত যোগদান কৰিছে৷ উন্নয়নৰ বাবে বিজেপিৰ লগত থাকিব লাগে বুলি সমষ্টিবাসীয়ে কোৱাৰ পাছত একাংশই দল এৰিছে৷ যাৰ বাবে বিজেপিলৈ আন দলৰ নেতা আহিছে৷’ ইফালে আজিৰ সভাখনত বর্তমানৰ সভাপতি ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে৷ দলৰ এজন দায়িত্বশীল কার্যকর্তা হিচাপে ভৱেশ কলিতাক ৰাজ্যিক সভাপতিৰ দায়িত্ব প্রদান কৰাত তেওঁ উৎফুল্লিত বুলিও প্রকাশ কৰে দাসে৷

RELATED ARTICLES

RECENT ARTICLES