peepl-small

আলু আপোনাৰ স্বাস্থ্যৰ বাবে সঁচাকৈয়ে বেয়া নেকি?

PUBLISHED:

গুৱাহাটীঃ পাকঘৰত আলু অপৰিহাৰ্য। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আলু হৈছে অন্যতম জনপ্ৰিয় খাদ্য।
অৱশ্যে আধুনিক জীৱন যাত্ৰাই আনি দিয়া বহু ৰোগ-ব্যাধি নিয়ন্ত্ৰণৰ বাবে বহুতে আলু খোৱাটো কমাই দিছে। বহুতে আলুক এক প্ৰকাৰ স্বাস্থ্যৰ পৰম শত্ৰু হিচাপে গণ্য কৰে।
কিন্তু আলুৰ একেবাৰে উপকাৰিতা নাই নেকি?

জানো আহক আলুৰ কেইটামান উপকাৰিতা।

‘Healing Foods’নামৰ কিতাপখনৰ মতে আলুৱে এচিডিটী আৰু আলচাৰৰ উপশম ঘটায়। আৰ্থ্ৰাইটিচৰ লগত জড়িত ‘inflammation’ হ্ৰাস কৰে আলুৱে। কিন্তু অতি মাত্ৰাত যিকোনো খাদ্য গ্ৰহণ কৰাটোৱেই সঠিক নহয়।

আলুৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। কিন্তু তাৰ মানে এয়া নহয় যে আপুনি আলুৰ চিপচ্ বা ফ্ৰেন্স ফ্ৰাইচ খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। আলুৰ উপকাৰিতা মূলতঃ ইয়াক কেনেদৰে ৰন্ধা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি বিশেষজ্ঞসকলে কয়।

আলুক যথেষ্ট পৰিমাণে ফাইবাৰ, পটাচিয়াম, ভিটামিন চি আৰু বি৬ থাকে। ইয়াত একেবাৰে কলেষ্টৰেল নাথাকে। আলু হৃদযন্ত্ৰৰ বাবে উপকাৰী যদিও ইয়াৰ ৰন্ধন প্ৰণালী আৰু তেলেহে আলুক স্বাস্থ্যৰ বাবে বিপজ্জনক কৰি তোলে।

আলুত থকা আলফা লিপইক এচিড আৰু এনজাইমে মগজুৰ স্বাস্থ্যৰ উন্নতি কৰে।
আলুত থকা ফাইবাৰে হজমতো সহায় কৰে।

Photo by Antara Verma from Pexels

RELATED ARTICLES