peepl-small

বিউটী মিষ্টেকছ্

PUBLISHED:

প্রসাধন সকলো নাৰীয়ে কৰি ভাল পায়৷ একপ্রকাৰ নাৰীৰ অলংকাৰৰ ভিতৰত প্রসাধন অন্যতম৷ কিন্তু আমি কিমান সঠিকভাৱে ইয়াক ব্যৱহাৰ কৰোঁ ভুলকৈ প্রসাধন কৰাৰ ফলত আমাৰ সৌন্দর্য বৃদ্ধিৰ সলনি কুৎচিত ৰূপহে ধৰা দিব পাৰে৷ সেয়েহে আমি সদায় সাৱধানে আৰু সঠিকভাৱে প্রসাধন কৰা উচিত৷ সচৰাচৰ কৰি থকা তেনে কেইটামান ভুলৰ শুধৰণিৰ বিষয়ে জানোচোন আহক:

ক৷ ভালদৰে পোছাক পৰিধান কৰাৰ পিছত লগোৱা পাৰফিউমে কাপোৰত দাগ লগাব পাৰে আৰু পাৰফিউমৰ গোন্ধ নষ্টও হব পাৰে৷ স্পেৰ কৰাৰ সময়ত পাৰফিউম আৰু শৰীৰৰ তাপ মিশ্রিত হৈ যায়৷ সেয়েহে ছালত সঠিক পদ্ধতিৰেহে পাৰফিউম ব্যৱহাৰ কৰিব লাগে৷ পোছাক পৰিধান কৰাৰ পূর্বে নিজৰ পালছ পইণ্ট যেনে হাতৰ তলফালে, কাণৰ পিছফালে বা ডিঙিৰ আশে–পাশে পাতলকৈ স্পেৰ কৰিব৷ পাৰফিউম লগোৱা ঠাইত ছাল মোহাৰি নিদিব৷ এনেদৰে লগালে পাৰফিউমৰ সুগন্ধ দীর্ঘ সময়ৰ বাবে থাকিব৷

খ৷ মইশ্বৰাইজাৰ ছালত মিহলি হোৱাৰ পূর্বে ফাউণ্ডেচন লগোৱা মইশ্বৰাইজাৰে ছাল আর্দ্র কৰি ৰখাৰ বাবে মেকআপৰ পাতল চামনি দেখা যায়৷ সেয়ে ছালে যেতিয়া মইশ্বৰাইজাৰ ভালদৰে শুহি লয়, তেতিয়াহে ফাউণ্ডেচন ব্যৱহাৰ কৰিব৷ অন্যথা ছালত দাগ তেন্তে টিচু পেপাৰে মোহাৰি লব৷ এনে কৰিলে মুখমণ্ডলৰ অতিৰিক্ত তেল নোহোৱা হব আৰু ফাউণ্ডেচন লগালে সুন্দৰকৈ মিহলি হব৷

গ৷ মইশ্বৰাইজাৰ লগালে চকুৰ ফুলা ভাব কমে পৰিৱর্তিত জীৱনশৈলীত টোপনি পূৰ নোহোৱা আৰু অত্যধিক নিমখযুক্ত আহাৰ গ্রহণ কৰাৰ বাবে চকুৰ কাষৰীয়া অঞ্চলৰ নমনীয়তা হ্রাস পায়৷ পর্যাপ্ত পৰিমাণে পানী খাই ছালৰ আর্দ্রতা বজাই ৰাখিব পাৰে৷ যদিহে চকুৰ কাষৰ ছলাত খজুৱতি, চকু ৰঙা হয় অথবা পোৰে তেতিয়া চকুৰ ওপৰত দহ–পোন্ধৰ মিনিট সময় আইচপেক প্রয়োগ কৰিব৷

ঘ৷ সমগ্র চুলিত কণ্ডিচনাৰ লগোৱা অধিকাংশ মহিলাই চুলিত ছেম্পুৰ দৰে কণ্ডিচনাৰ লগায়৷ ছেম্পু আৰু কণ্ডিচনাৰৰ পার্থক্য তেওঁলোকে বুজি নাপায়৷ ছেম্পুৱে চুলিত জমা হৈ থকা ধূলি–বালি আদি পৰিষ্কাৰ কৰে আৰু কণ্ডিচনাৰে চুলিত পুষ্টি যোগাই চুলিৰ গুৰি শক্তিশালী কৰে৷ কণ্ডিচনাৰ চুলিৰ গুৰিত লগোৱাৰ পৰিৱর্তে চুলিৰ আগৰ পৰা লগাব লাগে৷ চুলিৰ গুৰিত কণ্ডিচনাৰ লগালে চুলি তেলেতীয়া যেন দেখা হয়৷ কণ্ডিচনাৰ আঙুলিৰ আগত লগাই কাণৰ তলৰ পৰা আৰম্ভ কৰি চুলিৰ তললৈকে লগাব৷ তেনেদৰে লগালে সঠিক পুষ্টি পায় আৰু চুলি ডাঠ হয়৷

স্বাভাৱিক পদ্ধতিৰে প্রসাধন

গৰমৰ দিনত প্রসাধন কৰাটো সহজ নহয়৷ যদিহে আপুনি এটা ভাল ব্রেণ্ডৰ প্রসাধন ব্যৱহাৰ নকৰে৷ যিসকলৰ শুকান ছাল তেওঁলোকে প্রসাধন কৰাৰ আগত ছালখন ভালকৈ চাফা কৰি লব লাগে৷ ক্রিম্ ক্লিন্জাৰ ব্যৱহাৰ কৰিব লাগে, যিয়ে ছালখনৰ আর্দ্রতা বজাই ৰাখে৷

যাৰ তেলেতীয়া ছাল তেওঁলোকে জেলযুক্ত ক্লিন্জাৰ ব্যৱহাৰ কৰিব লাগে, যিয়ে ছালৰ লেতেৰাসমূহ আঁতৰাই পৰিষ্কাৰ কৰি তোলে৷

সংবেদনশীল ছালৰ গৰাকীয়ে সাধাৰণ ক্লিন্জাৰ ব্যৱহাৰ কৰাটো ভাল৷

এক্নি বা ব্রণ থকাসকলে টি ড্রি ক্লিন্জাৰ ব্যৱহাৰ কৰাটো ভাল৷

ক্লিন্জাৰ ব্যৱহাৰ কৰি উন্নত ব্রেণ্ডৰ টনাৰ ব্যৱহাৰ কৰক৷ টনাৰে ছালৰ ছিদ্রসমূহ বন্ধ কৰি দিয়ে৷

স্ক্ৰাব ব্যৱহাৰ কৰক সপ্তাহত দুবাৰকৈ৷

মইশ্বৰাইজাৰো একেধৰণৰ তথা ছালৰ লগত মিলাই ব্যৱহাৰ কৰক৷ যিসকলে দিনৰ ভাগত ওলাই যায়, তেওঁলোকে ছানস্কিন ব্যৱহাৰ কৰাটো অতি প্রয়োজনীয়৷

যিসকলৰ শালমইনা আছে আৰু শুকান ছালৰ গৰাকীসকলে চিৰাম ব্যৱহাৰ কৰিলে বেছি ভাল ফলাফল পাব৷

মইশ্বৰাইজাৰ ব্যৱহাৰ কৰি এছপিএফযুক্ত প্রাইমাৰ ব্যৱহাৰ কৰক৷ প্রাইমাৰে ছালখন মিহি কৰাৰ লগতে প্রসাধন দীর্ঘস্থায়ী কৰি তোলে৷

বজাৰত তৰল ফাউণ্ডেচন সহজে পোৱা যায়৷ ভাল ব্রেণ্ডৰ ফাউণ্ডেচন আৰু দেহৰ বৰণৰ লগত মিলাই কিনক৷

যিসকলৰ তেলেতীয়া ছাল তেওঁলোকে অইল ফ্রী ফাউণ্ডেচন ব্যৱহাৰ কৰিব৷ তেতিয়া প্রসাধনৰ মেট হব আৰু ভাগৰুৱা নেদেখিব৷

মুখৰ গঠন চাই মেট কণ্টিৰিং পাউডাৰ বা ক্রিম দি নাক, কঁপাল, হনু আৰু থুঁতৰিৰ অংশত মিলাওক৷

ফাউণ্ডেচনৰ দৰে কমপেক্ট পাউডাৰো ছালৰ গঠন আৰু বৰণৰ লগত চাই কিনক৷

কাণ, ডিঙি এই দুটা ঠাইত প্রসাধন লগাবলৈ কেতিয়াও নাপাহৰিব৷ যদি হাত আৰু পিঠিৰ বৰণ মুখৰ লগত নিমিলে তেতিয়া সেইখিনি ঠাইত ফাউণ্ডেচন লগাওক৷

চেলাউৰি আই ব্র পেঞ্চিল বা আই ব্র ফিলাৰ দি পূৰণ কৰক৷ যদি খুউব দৰকাৰ নাই তেওঁলোকে ব্রাউন বা গাা ব্রাউন মাস্কাৰা ব্যৱহাৰ কৰিলেই হল৷

চকুযুৰিত পাতল ৰঙৰ আই শ্বেড ব্যৱহাৰ কৰক৷ কম শ্বিমাৰযুক্ত মেট আইশ্বেড ব্যৱহাৰ কৰিলে খুউব সুন্দৰ দেখিব৷

যিসকলে আইলাইনাৰ ব্যৱহাৰ কৰি ভাল পায়, তেওঁলোকে কাজল ব্যৱহাৰ নকৰি কেৱল আইলাইনাৰ লগাওক৷ তাৰ পিছত ৱাটাৰপ্রুফ মাস্কাৰা ব্যৱহাৰ কৰক৷

কাজল লগাই ভালপোৱাসকলে ডাঠকৈ কাজল লগাই অকল মাস্কাৰা লগাওক৷

নেচাৰেল কালাৰ ব্লাছাৰ যেনে গুলপীয়া, পাতল গুলপীয়া, পাতল ব্রাউন ব্যৱহাৰ কৰক৷ পাউডাৰ ব্লাছ ব্যৱহাৰ নকৰি ক্রিম ব্লাছাৰ ব্যৱহাৰ কৰিব পাৰে৷

গৰমত হাইলাইটাৰ ব্যৱহাৰ নকৰিলেও হয়৷ যাৰ শুকান ছাল তেওঁলোকে অলপ পৰিমাণে হাইলাইটাৰ ব্যৱহাৰ কৰিব পাৰে৷

শেষত নিউড কালাৰ লিপষ্টিক ব্যৱহাৰ কৰক৷ গমৰত পনিটেইল, ওখকৈ খোপা বা সাধাৰণভাৱে খোপা বান্ধিলেই খুউব ভাল দেখিব৷ শেষত উন্নত ব্রেণ্ডৰ স্পেৰ ব্যৱহাৰ কৰক, যাতে প্রসাধন দীর্ঘ সময়ৰ বাবে সজীৱ থাকে৷

RELATED ARTICLES