peepl-small

ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু গেছ ক্ৰেকাৰ প্ৰকল্পৰ শীৰ্ষ বিষয়াৰ

PUBLISHED:

গুৱাহাটীতঃ ডিব্ৰুগড়ত ক’ভিডে প্ৰাণ ল’লে এজনৰ। ক’ভিডত আক্ৰান্ত হৈ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলৰ মুখ্য প্ৰবন্ধক মানৱজ্যোতি দুৱৰাই মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

কৰোনাক্ৰান্ত বিষয়াগৰাকী ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৯ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল।

মৃত দুৱৰাৰ ঘৰ যোৰহাটত।

আনহাতে, বৰ্তমানেও ক’ভিডত আক্ৰান্ত হৈ বিচিপিএলৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES