peepl-small

বজালীৰ মেধাৱী ছাত্রী কৃষাংগী গোস্বামীৰ মৃত্যু

PUBLISHED:

গুৱাহাটীঃ বজালী মহকুমা সদৰ পাঠশালাৰ নিকৱৰ্টী  হৰিপুৰৰ এগৰাকী মেধাৱী ছাত্রীৰ অকাল বিয়োগে সমগ্র অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ স্নাতক পঞ্চম ষান্মাসিকত অধ্যয়নৰত ছাত্রী তথা হৰিপুৰ বৰভালা নিৱাসী শিক্ষক তপন গোস্বামীৰ একমাত্র কন্যা কৃষাংগী গোস্বামী (২১) বিগত কিছুদিন ধৰি অসুস্থতাত ভোগাত গুৱাহাটীৰ লগতে চেন্নাইত চিকিৎসাধীন হৈ আছিল৷ কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ লৈ আহে যদি পুনৰ অসুস্থ হৈ পৰাত প্রায় এসপ্তাহ পূর্বে গুৱাহাটী এপ’ল’ হাস্পতালত ভর্তি কৰোৱা হয়৷

বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাতে ছাত্রীগৰাকীৰ বিয়োগ ঘটে৷ মেধাৱী আৰু অমায়িক স্বভাৱৰ ছাত্রীগৰাকীৰ নশ্বৰদেহ নিজ গৃহ আহি পোৱাৰ পিছতে এক অবর্ণনীয় শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ ছাত্রীগৰাকীৰ বিয়োগত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান তথা ব্যক্তিয়ে শোক প্রকাশ কৰি অশ্রু–অঞ্জলি প্রদান কৰে৷

RELATED ARTICLES