peepl-small

ঐতিহাসিক বহৰি সত্রৰ ৮০ বিঘা ভূমিত সন্দেহজনক নাগৰিকৰ বেদখল

PUBLISHED:

গুৱাহাটী:  সন্দেহজনক লোকৰ বেদখল আৰু গৰাখহনীয়াই সংকট মাতিছে ৰাজ্যৰ ঐতিহাসিক সত্রসমূহৰ অন্যতম বহিৰ সত্রলৈ৷ মহাপুৰুষ শ্রীশ্রীহৰিদেৱে ১৪৫৩ খ্রীষ্টাব্দতে প্রতিষ্ঠা কৰা বহৰি সত্রখনৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰিছে সন্দেহজনক লোকে৷ সত্রখনৰ মুঠ ১৮৪ বিঘা ভূমিৰ ৮০ বিঘা ভূমিয়েই সন্দেহজনক লোকে বেদখল কৰি আছে৷ এই তথ্য সদৰী কৰিছে অসম সত্র মহাসভাই৷

এক বিবৃতিত সত্র মহাসভাৰ প্রধান সম্পাদক কুসুম মহন্তই প্রকাশ কৰা অনুসৰি বহৰি সত্রৰ স্থাৱৰ সম্পত্তি বৃহত্তৰ অঞ্চলটোত কেইবাঠাইতো বিস্তৃত হৈ আছে৷ সেই অনুসৰি শ্রীশ্রীহৰিদেৱ ক্ষেত্রত ৩ বিঘা ৪ কঠা, মথাউৰিৰ দক্ষিণত পাৰাণ বিলত ৮২ বিঘা, মথাউৰিৰ উত্তৰ গো ৰিজার্ভত ২৭ বিঘা ১৫ লেচা, বজাৰৰ ৰাম মন্দিৰৰ ওচৰত ১ বিঘা ১৫ লেচা, সত্রৰ অতিথিশালাত ৩ কঠা ১৪ লেচা, বহৰি বাছ আস্থানৰ ওচৰত ১ কঠা ১ লেচা, নতুন নামঘৰত ৩ বিঘা ৮ লেচা, পুৰণি নামঘৰৰ ৪ বিঘা, গো ৰিজার্ভৰ পশ্চিমত ১০ বিঘাৰ পুখুৰী, বহৰি এম ভি স্কুলৰ ওচৰত ১ কঠা, ছোৱালী হাইস্কুলৰ হোষ্টেলৰ ওচৰত গো ৰিজার্ভত ৪ বিঘা, সত্রৰ নিচপেখেৰাজ ভূমি ৩৮ বিঘা ৩ কঠা ৪ লেচা, শ্মশান ঘাটত ২ বিঘা ২০ লেচা আৰু ৰণ পুখুৰীত ৮ বিঘা ভূমি আছে বহৰি সত্রৰ৷ ইয়াৰে মথাউৰিৰ উত্তৰ দিশত থকা গো ৰিজার্ভত ৭৮নং দাগৰ ৮০ বিঘা ভূমি সন্দেহজনক লোকে বেদখল কৰি আছে বুলি প্রকাশ কৰিছে সত্র মহাসভাৰ প্রধান সম্পাদকজনে৷

উক্ত বেদখলকৃত ভূমি উদ্ধাৰ কৰি পুনৰ বহৰি সত্র কর্তৃপক্ষক ওভতাই দিবলৈ চৰকাৰক আহ্বান জনাইছে তেওঁ৷ তদুপৰি গৰাখহনীয়াই সত্রখনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি তেওঁ কয়– ‘কিছু বছৰ পূর্বে শ্রীশ্রীবহৰি সত্র পৰিয়ালৰ ১,২০০ বিঘা ভূমি ব্রহ্মপুত্রত সম্পূর্ণৰূপে জাহ গ’ল৷ বর্তমান ব্রহ্মপুত্রৰ খহনীয়াই তীব্র ৰূপ ধাৰণ কৰিছে৷ ভোগেপাৰা, বাৰাদিৰ ডক্রেশ্বৰ দেৱালয় বর্তমান খহনীয়াৰ কবলত৷ গৰাখহনীয়াই সত্রৰ চাৰিওফালে বসবাস কৰা ১,১০০টা পৰিয়ালৰ প্রতিও বিপদ কঢ়িয়াই আনিছে৷ শীঘ্রে স্থায়ীভাৱে মথাউৰি নির্মাণ নকৰিলে ১,১০০ ঘৰ স্থায়ী বাসিন্দা ব্রহ্মপুত্রৰ বুকুত নিঃশেষ হৈ যাব৷’

RELATED ARTICLES