peepl-small

৩-৪ দিনত নিৰ্বাপন হ’ব বাঘজানৰ জুই

PUBLISHED:

গুৱাহাটীঃ ৯ জুনৰ পৰা নিৰন্তৰভাৱে বাঘজানৰ তৈল্যক্ষেত্ৰৰ জুই নুমুৱাবলৈ চূড়ান্ত চেষ্টা অব্যাহত ৰাখিছে অইল ইণ্ডিয়াই। বাঘজানৰ ৫নং তৈল্যখাদৰ জুই নুমুৱাবলৈ বিদেশী বিশেষজ্ঞৰ সহায়ত চলোৱা হৈছে এই পদক্ষেপ।  এই পদক্ষেপে আগন্তুক ৩-৪দিনত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। ছিংগাপুৰস্থিত এলাৰ্ট ডিজাষ্টাৰ কন্ট্ৰোল নামৰ প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও অভিযন্তাই দিনে-নিশাই তেলখাদটোৰ জুই নুমুৱাবলৈ অভিযান অব্য়াহত ৰাখিছে। উল্লেখযোগ্য যে বিগত ৫ মাহ ৪দিন ধৰি জ্বলি থকা জুই নুমুৱাবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া লিমিটেড।  

RELATED ARTICLES