-ৰিংকুমণি পাঠক
গুৱাহাটীঃ বাইশ বছৰ বয়সতে হ’বলগীয়া জীৱন সংগীক মুখ্যমন্ত্ৰী হ’ম বুলি কৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শপত গ্ৰহণ কৰাৰ পাছত সেই কথা মনত পেলাই আৱেগিক হৈ উঠিল পত্নী ৰিণিকি ভূঞা শৰ্মা।
ৰিণিকি ভূঞা শৰ্মাই কয় — “তেতিয়া মোৰ বয়স সোতৰ বছৰ আছিল আৰু তেওঁ বাইশ বছৰীয়া আছিল। মাক ‘তুমি কি হ’বা বুলি ক’ম’ সোধোঁতে তেওঁ চিএম হ’ব বুলি ক’বলৈ দিছিল। তেতিয়া বহু দেৰি মই থৰ লাগি চাই আছিলোঁ।”
পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মতে লক্ষ্য আৰু অবিচলিত সংগ্ৰামৰ বলতে সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰমি আজি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা।