peepl-small

ডাঃ নোমল মমিন উপাধ্যক্ষ নির্বাচিত

PUBLISHED:

গুৱাহাটী :পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷ সোমবাৰে সদনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাধ্যক্ষ হিচাপে ডাঃ মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

উল্লেখ্য যে উপাধ্যক্ষ পদৰ বাবে ডাঃ মমিনৰ সমর্থনত মুঠ তিনিখন মনোনয়ন দাখিল হয়৷ এখন মনোনয়নত বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্রী ৰঞ্জিত দাসে প্রস্তাৱক আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাক্ষৰ কৰে৷ আন দুখন মনোনয়নত অগপৰ অতুল বৰা প্রস্তাৱক, কেশৱ মহন্ত সমর্থক, ইউ পি পি এলৰ উর্খাও গৌৰা ব্রহ্ম প্রস্তাৱক, লৰেঞ্চ ইছলাৰীয়ে সমর্থক হিচাপে স্বাক্ষৰ কৰে৷ ডাঃ মমিনৰ বাহিৰে উপাধ্যক্ষ পদৰ বাবে আন কোনো মনোনয়ন দাখিল নোহোৱাৰ পৰিপ্রেক্ষিতত অধ্যক্ষ দৈমাৰীয়ে তেওঁক বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

বিধানসভাৰ নতুন উপাধ্যক্ষ ডাঃ মমিনক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অগপ বিধায়িনী দলৰ নেতা তথা মন্ত্রী অতুল বৰা, এ আই ইউ ডি এফৰ আমিনুল ইছলাম, ইউ পি পি এলৰ লৰেঞ্চ ইছলাৰী, বি পি এফৰ দুর্গাদাস বড়ো, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ আদিয়ে অভিনন্দন জ্ঞাপন কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই উপাধ্যক্ষগৰাকীক আদৰণি জনাই কয় যে এইবাৰ বিধানসভাত অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োগৰাকী জনজাতীয় সম্প্রদায়ৰ৷ অসম বিধানসভাত ই এক বিৰল দৃশ্য৷ অসমৰ জাতীয় জীৱনলৈ ই এক সুন্দৰ বার্তা কঢ়িয়াই আনিব৷ সেইদৰে উপাধ্যক্ষ ডাঃ মমিনে তেওঁৰ চমু ভাষণত কয় যে তেওঁ নিষ্ঠা সহকাৰে উপাধ্যক্ষৰ দায়িত্ব পালন কৰিব৷ সোমবাৰৰ দিনটো জনজাতিসকলৰ বাবে গৌৰৱৰ দিন বুলি উল্লেখ কৰি কয় যে যোৱা ২১ মে’ত সদনৰ অধ্যক্ষৰ দায়িত্বত এজন জনজাতি লোক উপৱিষ্ট হোৱাৰ পাছত  উপাধ্যক্ষ পদতো জনজাতি লোকে দায়িত্ব লাভ কৰিছে৷ কার্বি আংলং–ডিমা হাছাও জিলাৰ লগতে গাৰো সম্প্রদায়ৰ বাবেও গৌৰৱৰ দিন৷

ইপিনে কালি সদনত অধ্যক্ষ দৈমাৰীয়ে কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াক বিৰোধী দলপতি হিচাপে ঘোষণা কৰে৷ সেইদৰে অসম বিধানসভাৰ চৰকাৰী হিচাপ কমিটী, প্রাক্কলন কমিটী, ৰাজহুৱা উদ্যোগ সমিতিসমূহৰ কমিটী, অনুসূচিত জাতি–জনজাতি কমিটী, অন্যান্য পিছপৰা শ্রেণী কমিটীকেইখনো গঠন কৰে৷ চৰকাৰী হিচাপ কমিটীৰ অধ্যক্ষৰ দায়িত্ব ৱাজেদ আলী চৌধুৰীক, প্রাক্কলন কমিটীৰ অধ্যক্ষৰ দায়িত্ব প্রশান্ত ফুকনক, ৰাজহুৱা উদ্যোগ সমিতিসমূহৰ কমিটীৰ অধ্যক্ষৰ দায়িত্ব ৰমেন্দ্র নাৰায়ণ কলিতাক, অনুসূচিত জাতি–জনজাতি কমিটীৰ অধ্যক্ষৰ দায়িত্ব ভুবন পেগুক, অন্যান্য পিছপৰা শ্রেণী কল্যাণ কমিটীৰ অধ্যক্ষৰ দায়িত্ব ৰঞ্জিত দত্তক অর্পণ কৰে৷

ইফালে তিনিদিনীয়া কার্যসূচীৰে যোৱা ২১ মে’ৰ পৰা আৰম্ভ হোৱা পঞ্চদশ অসম বিধানসভাৰ প্রথমখন অধিৱেশনৰ সোমবাৰে সামৰণি পৰে৷ অধিৱেশনৰ অন্তিম দিনটোত ‘দ্য আছাম কো–পাৰেটিভ ছ’চাইটিজ (এমেণ্ডমেণ্ট) বিল’ গৃহীত হয়৷

মন কৰিবলগীয়া এয়ে যে এইবাৰ বিধানসভাৰ অধিৱেশনত বিৰোধীয়ে চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই শান্তিপূর্ণ–প্রতিবাদ পৰিৱেশত ৰাজ্যপালক ভাষণ পাঠৰ সুযোগ দি বহু বছৰৰ পাছত এক নতুন পৰিৱেশৰ সূচনা কৰে৷ সেইদৰে শাসক পক্ষয়ো বিৰোধীৰ গঠনমূলক পৰামর্শক ইতিবাচক দৃষ্টিৰে গ্রহণ কৰা পৰিলক্ষিত হয়৷  সদনত ‘দ্য আছাম কো–পাৰেটিভ ছ’চাইটিজ (এমেণ্ডমেণ্ট) বিল’ গ্রহণৰ সময়ত বিৰোধীয়ে আগবঢ়োৱা প্রস্তাৱৰ প্রতি চৰকাৰে আন্তৰিকতাৰে সহযোগিতা আগবঢ়ায়৷

RELATED ARTICLES