peepl-small

আজমলৰ সাহায্য প্ৰত্যাখ্যান ডাঃ সেউজ সেনাপতিৰ পৰিয়ালৰ

PUBLISHED:

গুৱাহাটীঃ উদালিত দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক সেউজ কুমাৰ সেনাপতিলৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছিল সাংসদ বদৰুদ্দিন আজমলে। ছ’চিয়েল মিডিয়াযোগে এই ঘোষণা কৰিছিল সাংসদগৰাকীয়ে।

কিন্তু বদৰুদ্দিন আজমলৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান কৰিছে ডা০ সেউজ কুমাৰ সেনাপতিৰ পৰিয়ালে। ডাঃ সেনাপতিৰ পৰিয়ালক ধনৰ প্ৰয়োজন নাই বুলি প্ৰকাশ কৰিছে পৰিয়ালটোৰ সদস্যসকলে।

আজমলৰ গৃহভূমিত এই ঘটনা সংঘটিত হৈছিল যদিও এই পৰ্যন্ত সাংসদগৰাকীয়ে কোনো খবৰ লোৱা নাই ভুক্তভোগীৰ।

ধনৰ সলনি দোষীক শাস্তি দিয়াৰ বাবে দাবী জনাবলৈ বদৰুদ্দিন আজমলক আহ্বান জনায় ডা০ সেউজ কুমাৰ সেনাপতিৰ পৰিয়ালে।

RELATED ARTICLES