peepl-small

ঝাৰখণ্ডত কর্মৰত বাক্সাৰ চিআৰপি জোৱানৰ ৰহস্যজনক মৃত্যু

PUBLISHED:

গুৱাহাটী: বাক্সা জিলাৰ মুছলপুৰ থানাৰ অন্তর্গত দক্ষিণ অহোপা গাঁৱৰ বহিঃৰাজ্যত কর্মৰত চিআৰপিএফৰ জোৱান এজনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গাঁওখনৰ সর্বেশ্বৰ দাসৰ কনিষ্ঠ পুত্র ৰতন দাসে (৪২) ঝাৰখণ্ডৰ গিৰিধ জিলাৰ মধুবনত চিআৰপিএফৰ ১৫৪নং বেটেলিয়নৰ শিবিৰত বৃহস্পতিবাৰে দিনৰ ভাগত ৰাইফলেৰে নিজে মূৰত গুলীয়াই আত্মহত্যা কৰে৷
পৰিয়ালৰ লোকক বিভাগীয় কর্তৃপক্ষৰ ফালৰ পৰা জোৱানজনৰ আত্মহত্যাৰ বিষয়টো অৱগত কৰা হয় ৰতনৰ পৰিয়ালে ঘটনাটোক সহজভাৱে মানি ল’ব পৰা নাই৷ পৰিয়ালৰ লোকে সাংবাদিকক জনোৱা অনুসৰি অতি নম্র আৰু অমায়িক স্বভাৱৰ ৰতনে সদায় হঁাহি–ধেমালিৰে পৰিয়ালৰ সৈতে কথা পাতি আহিছিল৷ আনকি মৃত্যুৰ দিনাও পুৱা মৃত ৰতনে পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিছিল৷ ২০০৩ চনতে চিআৰপিএফত ভর্তি হোৱা ৰতনে ৬ মাহ পূর্বে ঘৰৰ পৰা গৈ ঝাৰখণ্ডৰ মধুবনৰ শিবিৰত যোগদান কৰিছিল৷

ইতিমধ্যে ৰতনে নিজৰ বিয়াৰ বাবেও সকলো প্রস্তুতি চলাই অহা আহিন মাহত ঘৰলৈ ছুটীত আহি বিবাহপাশত আবদ্ধ হোৱাৰ কথা আছিল৷ তেনেক্ষেত্রত পৰিয়ালৰ লোকে জোৱানজনক শিবিৰতে কোনো সতীর্থই গুলীয়াই হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি উচিত তদন্তৰ দাবী তোলে৷ 

শনিবাৰে মৃত জোৱানজনৰ মৃতদেহ বিমানযোগে ঝাৰখণ্ডৰ পৰা দক্ষিণ অহোপাৰ নিজ গৃহলৈ অনাৰ পিছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ মৃত ৰতনৰ ম’বাইল ফোনটো অনা হোৱা নাছিল আৰু চিআৰপিএফৰ কোনো উচ্চপদস্থ বিষয়া মৃতদেহৰ সৈতে অহা নেদেখি পৰিয়ালৰ লগতে গাঁওবাসীয়ে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিয়ে আৰু পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ পিছত বিটিচিৰ কার্যবাহী সদস্য ঘনশ্যাম দাস আৰু আৰক্ষীৰ উপস্থিতিত পৰিস্থিতিৰ শাম কাটে আৰু মৃতদেহটো পৰিয়ালৰ লোকে চমজি লয়৷

RELATED ARTICLES