peepl-small

‘১৫ জুনৰ ভিতৰত উন্নত হ’ব ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি’ কেশৱ মহন্ত

PUBLISHED:

গুৱাহাটীঃ  অহা ১৫ জুনৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ আশা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰাজ্যখনত ক’ভিড পৰীক্ষণৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে৷ ক’ভিডৰ সংক্রমণ যাতে বৃদ্ধি হ’ব নোৱাৰে, তাৰ বাবে কঠোৰভাৱে কিছু নীতি–নিয়ম পালন কৰা হৈছে৷ এনে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবেই কালিৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ সংখ্যা চাৰি হাজাৰৰ তললৈ নামি অহাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও ৫০ৰ তললৈ নামি আহিছে৷ স্বাস্থ্য বিভাগৰ লক্ষ্য হৈছে অহা ১৫ জুনৰ ভিতৰত এটা ভাল ফলাফল লাভ কৰা৷ আশা কৰা হৈছে এই সময়ৰ ভিতৰত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হ’ব৷

ইপিনে দেশৰ নিটি আয়োগে ক’ভিডৰ তৃতীয় ঢ়ৌ আহি আছে বুলি দিয়া সতর্কবাণীৰ প্রসংগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ভিডৰ তৃতীয় ঢ়ৌ প্রতিৰোধৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ প্রত্যেক ঠাইতে অতিৰিক্ত হাস্পতাল আৰু ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে৷ প্রত্যেকখন হাস্পতালতে ৫০০ৰ পৰা এহাজাৰ ৰোগী ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে৷ শিশু আৰু নৱজাতকৰ বাবেও মেডিকেল কলেজ, জিলা হাস্পতালসমূহত আই চি ইউৰ কাম আৰম্ভ কৰা হৈছে৷ মন্ত্রী মহন্তৰ মতে, স্বাস্থ্য বিভাগে ইতিমধ্যে সকলো প্রস্তুতি কৰিছে যাতে যিকোনো সময়ত পৰিস্থিতিৰ মুখামুখি হ’ব পাৰে৷ তেওঁ আৰু কয় যে গুৱাহাটীত মুঠ ৫০০খন নতুন বিছনাৰে দুখন ক’ভিড হাস্পতাল সম্পূর্ণ হৈ উঠাৰ পথত৷ সৰুসজাইত ডি আৰ ডি অ’ৰ অধীনত ২০০খন অক্সিজেনযুক্ত আৰু ১০০খন আই চি ইউ বিছনাৰে হাস্পতালখনৰ নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে৷ সেইদৰে জি এম চি এইচৰ পার্কিঙতো ২০০খন আই চি ইউ বিছনা সম্পূর্ণ হৈ উঠাৰ পথত৷

আনহাতে, আর্য়ুবেদিক কলেজ হাস্পতালত নির্মাণকার্য চলাই থকা ১০০ বিছনাযুক্ত ক’ভিড হাস্পতালখনৰ ১৪টা আই চি ইউ আৰু ৩৭টা ছেমি আই চি ইউ থাকিব৷ উক্ত আই চি ইউ আৰু ছেমি আই চি ইউত ৮০টা জাম্বো অক্সিজেন চিলিণ্ডাৰৰ সংযোজন হ’ব৷ এই চিকিৎসালয়খনৰ নির্মাণকার্য প্রায় ৮০ শতাংশ সম্পূর্ণ হৈ উঠিছে৷ আর্য়ুবেদিক মেডিকেল কলেজ হাস্পতাল পৰিচালনা সমিতিৰ অধ্যক্ষ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কামৰ অগ্রগতি সম্পর্কত এক পর্যালোচনা বৈঠকত মিলিত হৈ অচিৰেই হাস্পতালখনৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷

ইপিনে ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্রী হিচাপে আজি জিলাখনত উপস্থিত হৈ জিলাখনৰ উন্নয়ন, খহনীয়া আৰু ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনা কৰে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনাৰ সময়ত নৱগঠিত বিশ্বনাথ জিলাত যিহেতু চিভিল হাস্পতালো নাই, সেয়ে ক’ভিডৰ ভেকচিন শোণিতপুৰ জিলাৰ পৰা আহি থকাৰ বিষয়ে অৱগত হয়৷ বিশ্বনাথ জিলাত ক’ভিডৰ ভেকচিন উপলব্ধ হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ তদুপৰি জিলাখনত ক’ভিডৰ ভেকচিন মজুত ৰাখিব পৰাকৈ মন্ত্রী হাজৰিকাই লোকনির্মাণ আৰু বিদ্যুৎ বিভাগক ১০ দিনৰ ভিতৰতে স্বাস্থ্য বিভাগৰ সহযোগত ভেকচিন ভঁৰাল স্থাপনৰ নির্দেশ দিয়ে৷ তেওঁ লগতে জিলাখনত মজুত থকা আন দৰব আদিৰ খতিয়ান লোৱাৰ লগতে কনটেইনমেণ্ট জ’নত থকা পৰিয়ালক প্রদান কৰা গুণগত খাদ্য–সামগ্রীৰ বিষয়েও বুজ লয়৷ সেইদৰে হোম আইছ’লেচনত থকাসকলৰ ক্ষেত্রত স্বাস্থ্য বিভাগ তথা জিলা প্রশাসনে চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়ে৷ পৰাপক্ষত হোম আইছ’লেচনৰ সলনি ৰোগীসকলক ক’ভিড কেয়াৰ চেণ্টাৰত ৰাখিলে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত সহজ হ’ব বুলিও মন্ত্রী হাজৰিকাই বৈঠকখনত উল্লেখ কৰে৷

RELATED ARTICLES