peepl-small

বিশিষ্ট সংগীত পৰিচালিকা বিজয়লক্ষ্মী দাসৰ দেহাৱসান

PUBLISHED:

গুৱাহাটী: শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ সাংস্কৃতিক জগত শোকস্তব্ধ কৰি তোলে দুগৰাকী শিল্পীৰ বিয়োগৰ খবৰে৷ ৰাজ্যখনৰ জনপ্রিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালিকা বিজয়লক্ষ্মী দাস আৰু বিহু সম্রাজ্ঞী মৌচুমী শইকীয়াৰ আকস্মিকভাৱে দেহাৱসান ঘটে৷ বিশিষ্ট সংগীত শিল্পী তথা অধ্যাপিকা বিজয়লক্ষ্মী দাস শুকুৰবাৰে পুৱা বাথৰুমলৈ যোৱা সময়তে মূর্ছা যায়৷ লগে লগে পৰিয়ালৰ লোকে গুৱাহাটীৰ হায়াট হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে৷ এগৰাকী সুকণ্ঠী শিল্পী হিচাপে পৰিচিত ড০ বিজয়লক্ষ্মী দাস গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা আছিল৷

গুৱাহাটীৰ সমীপৱর্তী হাজোত জন্মগ্রহণ কৰা বিজয়লক্ষ্মী দাসে ১৯৮৮ চনত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰে যদিও ১৯৯৬ চনত চাকৰি নিয়মীয়া হয়৷ চাকৰি জীৱনৰ মাত্র এবছৰ কার্যকাল বাকী থকা অৱস্থাতে আজি সংগীতৰ ক্ষেত্রখন উকা কৰি তেওঁ পৰলোকলৈ গমন কৰে৷ ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত গৱেষণা কৰি পি এইচ ডি ডিগ্রী লাভ কৰিবলৈ সক্ষম হোৱা ড০ বিজয়লক্ষ্মী দাসৰ মৃত্যুত কর্মক্ষেত্র পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত গভীৰ শোকৰ ছাঁ পৰে৷

উল্লেখ্য যে ‘সৰু বোৱাৰী’ কথাছবিখনৰ সংগীত পৰিচালনা কৰি সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱা বিজয়লক্ষ্মী দাসে মৃত্যুৰ সময়ত স্বামীসহ দুই কন্যা সন্তানৰ লগতে অসংখ্য আত্মীয়–স্বজন আৰু গুণমুগ্ধ এৰি থৈ যায়৷ শুকুৰবাৰে সন্ধিয়া এক শোকাকুল পৰিৱেশত গুৱাহাটীৰ নৱগ্রহ শ্মশানত ড০ দাসৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়৷ ড০ বিজয়লক্ষ্মী দাসৰ মৃত্যুত পশ্চিম গুৱাহাটী মহাবিদ্যালয় পৰিয়ালবর্গই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

তদুপৰি ধাৰাপুৰ তালুক, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধাৰাপুৰ মজলীয়া বিদ্যালয়, ধাৰাপুৰ ছাত্র সন্থা, কাজলগাঁও প্রেছ ক্লাব, জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতি আদিকে ধৰি বিভিন্ন দল–সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷

ইফালে শুকুৰবাৰৰ দিনটোতে বিহু সম্রাজ্ঞী মৌচুমী শইকীয়াৰো আকস্মিকভাৱে মৃত্যু হয়৷ বিগত কিছুদিন ধৰি শিল্পীগৰাকী পেটৰ বিষত ভুগি আছিল৷ ঘৰতে তেওঁ দৰব গ্রহণ কৰি আছিল যদিও আজি হঠাৎ অধিক অসুস্থ হৈ পৰে আৰু মালিগাঁৱৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে৷ বিহুৰ লগতে লোকনৃত্যৰ এগৰাকী জনপ্রিয় শিল্পী মৌচুমী শইকীয়া ২০০১ চনত লতাশিল বিহু সন্মিলনীত বিহু সম্রাজ্ঞীৰ খিতাপ লাভ কৰিছিল৷ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে তেওঁক প্রদান কৰিছে বিহু গুৰুৰ সন্মান৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ নৃত্যক ৰাইজৰ মাজলৈ লৈ যোৱাত অগ্রণী ভূমিকা পালন কৰা মৌচুমী শইকীয়া আছিল বিহুগুৰু ড০ প্রসন্ন গগৈৰ সহধর্মিণী৷ এইগৰাকী শিল্পীৰ অকাল মৃত্যুত বিহু শিল্পী সংস্থা, অসমে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ সদৌ অসম ছাত্র সন্থা আৰু সদৌ গুৱাহাটী ছাত্র সন্থায়ো শিল্পী দুগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে৷

RELATED ARTICLES