peepl-small

দাদা চাহেব ফাল্কে ছবি মহোৎসৱত বিশেষ সন্মান অসমৰ চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’লৈ

PUBLISHED:

গুৱাহাটী: ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অসমবাসীলৈ সুখবৰ । ১১ সংখ্যক দাদা চাহেব ফাল্কে ছবি মহোৎসৱত সন্মান বুটলিবলৈ সক্ষম অসমৰ চুটি ছবি ‘মঙহ দহাৰে গোন্ধ।’

উদীয়মান ছবি নিৰ্মাতা মৃণাল ডেকাৰ প্ৰথমখন চুটি ছবি মঙহ দহাৰ গোন্ধলৈ ১১ সংখ্যক দাদাচেহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ বিশেষ বঁটা।
ধুন্দিৰাজ গোবিন্দ ফাল্কেৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ২০২১ বৰ্ষৰ ১১ সংখ্যক দাদাচেহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ।দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ পূৰ্বতে নিৰ্বাচিত হৈছিল উদীয়মান ছবি নিৰ্মাতা মৃণাল ডেকাৰ প্ৰথমখন চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’। তাৰপিছতে ৩০ এপ্ৰিল শুক্ৰবাৰে ছবিখন মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে মহোৎসৱৰ বিশেষ বঁটাও লাভ কৰে। বঁটা ঘোষণাৰ পিছতে স্বভাবিকতে সুখী পৰিচালক । ২০২০ বৰ্ষতে ছুটিং সম্পন্ন কৰি ছবি মহোৎসৱলৈ প্ৰেৰণ কৰিছিল পৰিচালক ডেকাই।

‘মঙহ দহাৰ গোন্ধ’ত এগৰাকী মাতৃৰ জীৱন সংগ্ৰামক উপস্থাপিত কৰিছে নিৰ্মাতা মৃণাল ডেকাই। আৰতি ৰীলৰ বেনাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে প্ৰনামী বৰা, শিশু অভিনেতা আদভিক পি গগৈ, আদ্ৰিতি পি গগৈ, তপন ডেকা আৰু বাদল আৰ্যই।

উল্লেখ্য যে, শেহতীয়াকৈ হৈ যোৱা গুৱাহাটী ছবি মহোৎসৱত মৃণাল ডেকাৰ ‘মঙহ দহাৰ গোন্ধ’ই শ্ৰেষ্ঠ চুটি ছবি শিতানত তৃতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

RELATED ARTICLES