peepl-small

চাদৰ-মেখেলা পিন্ধি পানীত জঁপিয়াই ভাইৰেল এগৰাকী মহিলা..কোন হয় তেওঁ?

PUBLISHED:

গুৱাহাটীঃ পানীৰ মাজত জঁপিয়াই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী মহিলা। চাদৰ-মেখেলা পিন্ধি পানীৰ মাজত জঁপিওৱা মহিলাগৰাকী হঠাতে হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। সকলোৱে একেমুখে প্ৰশংসা কৰিছে মহিলাগৰাকীৰ প্ৰতিভাক। মহিলাগৰাকীক লৈ প্ৰস্তুত হোৱা মীম উপভোগ কৰি আমোদো লৈছে বহুতে।

কিন্তু কোন এইগৰাকী মহিলা?

নিউজ লাইভে বিচাৰি উলিয়াইছে ছ’চিয়েল মিডিয়াৰ ভাইৰেল বোৱাৰীগৰাকীক।

মৰাণৰ ডুমৰদলঙৰ কল্যাণপুৰ গাঁৱৰ পিংকী চুতীয়া নামৰ মহিলাগৰাকীয়ে গাঁৱৰ এটি জানত দুদিন পূৰ্বে জাঁপ মাৰিছিল। গাঁওখনৰ আটলাণ্টা চুতীয়া নামৰ যুৱতীগৰাকীয়ে সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছতে সেয়া মুহূৰ্ততে ভাইৰেল হৈ পৰে।

এনেদৰে ভাইৰেল হোৱাৰ পাছত ২৪ বছৰীয়া পিংকীয়ে নিউজ লাইভক কয় — “হয় আগেয়ে এনেদৰে জাঁপ মাৰিছোঁ। পথাৰৰ পৰা ভূঁই ৰুই অহাৰ পাছত এনেদৰে এই জানখনত জাঁপ দিওঁ।”

ইয়াৰ লগতে গছ বগাবও পাৰে বুলি জনায় দুটি সন্তানৰ মাতৃগৰাকীয়ে।

পিংকীৰ স্বামী পেছাত এগৰাকী মিস্ত্ৰী।

আনহাতে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰা আটলাণ্টাই কয় — “বৌ দুঃসাহসিক আৰু আমাৰ গাঁৱৰ গৌৰৱ।”

RELATED ARTICLES