peepl-small

নতুন শিক্ষা নীতিঃ প্রতিখন জিলাতে স্থাপন হ’ব বিশ্ববিদ্যালয়

PUBLISHED:

নতুন শিক্ষানীতিৰ আধাৰত প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় স্থাপন হ’ব৷ মঙলবাৰে সদনত এই মন্তব্য শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ৷ শিক্ষামন্ত্রী ডাঃ পেগুৱে লগতে কয় যে কলেজসমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্রেণী পর্যায়ক্রমে আঁতৰোৱা হ’ব৷ ইয়াৰ বিপৰীতে হাইস্কুলসমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব৷

অৱশ্যে হাইস্কুল উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ সময়ত শিক্ষাৰ অধিকাৰ আইন অনুসৰি ৭ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰতহে একোখন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব৷ বিধায়ক নন্দিতা গার্লোছা আৰু জয়ন্ত বসুমতাৰীয়ে উত্থাপন কৰা এক প্রসংগৰ আঁত ধৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইতিমধ্যে অসমত নতুন শিক্ষানীতি ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ হৈছে৷

হাফলং চৰকাৰী মহাবিদ্যালয় আৰু মাইবং ডিগ্রী কলেজত দীর্ঘদিন ধৰি সহকাৰী অধ্যাপক, সহযোগী অধ্যাপক পদত নিযুক্তি নোহোৱাৰ কথা স্বীকাৰ কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইতিমধ্যে চৰকাৰে সেই খালী পদসমূহ পূৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ মাইবং ডিগ্রী কলেজত বিজ্ঞান শাখা প্রৱর্তনৰ লগতে মাইবঙত আন এখন কলেজৰো প্রয়োজন আছে৷ এই বছৰ ডিমা হাছাও জিলাত অধিক ছাত্র–ছাত্রী মেট্রিকত উত্তীর্ণ হোৱাৰ উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ১২খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷

সেইদৰে জিলাখনৰ ৬খন এম ই স্কুল হাইস্কুললৈ উন্নীত কৰাৰো পদক্ষেপ লোৱা হৈছে৷ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিদলী সমষ্টিৰ শিক্ষাৰ সমস্যাৰ বিষয়ত উত্থাপন কৰা প্রশ্ণৰ উত্তৰ দি মন্ত্রী ডাঃ পেগুৱে কয় যে বাসুগাঁও আৰু বেংতল কলেজত বিজ্ঞান শাখা প্রৱর্তন কৰা হ’ব৷ কাজলগাঁও কলেজতো বিজ্ঞান শাখা প্রৱর্তন কৰা হ’ব৷ সমষ্টিটোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণত উদ্ভৱ হোৱা সমস্যাৰ প্রসংগত তেওঁ কয় যে মূলতঃ মাটিৰ সমস্যা আৰু ছাত্র–ছাত্রীৰ উপস্থিতিৰ সংখ্যা কম হোৱাৰ বাবে ৩৩খন নিম্ন প্রাথমিক বিদ্যালয় আৰু এখন উচ্চ প্রাথমিক বিদ্যালয় প্রাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি যায়৷ এতিয়া চৰকাৰে বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি ২০০৬ চনৰ বনভূমি অধিকাৰ আইনৰ অধীনত বিদ্যালয়কেইখন প্রাদেশিকীকৰণৰ পদক্ষেপ লোৱাৰ চিন্তা কৰিছে৷

RELATED ARTICLES