peepl-small

শীঘ্ৰে অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল

PUBLISHED:

গুৱাহাটীঃ অসমত আৰম্ভ হ’ব বৈদ্যুতিক ৰে’লৰ চলাচল। মাৰ্চ মাহৰ শেহভাগৰ পৰা অসমত বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আজি এই সন্দৰ্ভত অৱগত কৰে। শব্দ আৰু বায়ু প্ৰদূষণমুক্ত এই ৰে’লৰ দ্ৰুত গতিৰ বাবে পূৰ্বতকৈ কম সময়তে গন্তব্যস্থান পাব যাত্ৰীয়ে।

বৈদ্যুতিক ৰে’ল চলাচলৰ বাবে দিনে-নিশাই কাম অব্যাহত ৰাখিছে ৰঙিয়া ৰে’ল বিভাগৰ কৰ্মচাৰীয়ে। ৰঙিয়া সংমণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও-চাংসাৰি, নিউ বঙাইগাঁও-যোগীঘোপা ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা বিদ্যুতৰ তাঁৰত উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগ কৰা হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ইতিমধ্যে বিদ্যুতীকৰণ কাৰ্য নিউ জলপাইগুৰি ষ্টেচনলৈ পূৰ্ণ হৈছে আৰু ই মাৰ্চৰ মাজভাগত গুৱাহাটীলৈ সম্পূৰ্ণ হ’ব। ইয়াৰ পিছতে বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ কৰিব পৰা যাব।

RELATED ARTICLES