peepl-small

এতিয়া আমি ভাৰতৰ বোজা হৈ আছোঁ ৫ বছৰত অসমে প্রতিনিধিত্ব কৰিব দেশক

PUBLISHED:

স্বাধীনতাৰ ৭৫ বছৰত অসম আৰু ভাৰতৰ বোজা হৈ থাকিব নালাগে৷ মানসিকতা পৰিৱর্তনৰ এটা অনিৰুদ্ধ যাত্রা অহা ৫ বছৰৰ ভিতৰত আৰম্ভ হ’ব৷ এতিয়া আমি ভাৰতৰ বোজা হৈ আছেছা৷ অনাগত দিনত অসমে ভাৰতক প্রতিনিধিত্ব কৰিব৷ –বৃহস্পতিবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্র দাস সোঁৱৰণী প্রেক্ষাগৃহত অনুষ্ঠিত কৃষি পৰিৱেশ পর্যটন প্রকল্পৰ আধাৰশিলা অনুষ্ঠানত অংশগ্রহণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি প্রথমবাৰৰ বাবে যোৰহাটলৈ অহা ড০ হিমন্ত বিশ্ব শর্মাই যোৰহাটত উন্নয়ন অধিক গতিশীল কৰাৰ লক্ষ্যৰে প্রায় ৯টাকৈ কার্যসূচীৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়খন মোৰ বাবে নতুন নহয় বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে৷ যোৱা ২০ বছৰীয়া সুদীর্ঘ পৰিক্রমাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উন্নয়ন, অগ্রগতিৰ ক্ষেত্রত ক’ৰবাত নহয় ক’ৰবাত মই জডিত৷ বিশ্ববিদ্যালয়খনৰ সমস্যাসমূহ লাহে লাহে সমাধান হ’ব৷

ৰাজ্যৰ অর্থনীতিৰ মূল মেৰুদণ্ড কৃষি বুলি মন্ত্যব কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান সময়ত অসমত থলুৱা কৃষিজাত সামগ্রীৰ নতুন বাট মুকলি হৈছে৷ ভোট জলকীয়াৰ পৰা আৰম্ভ কৰি জহা চাউল, নেমু পর্যন্ত ৰপ্তানি কৰিব পৰা হৈছে ৷ এই প্রচেষ্টাক আগুৱাই নিবলৈ হ’লে অসম কৃষি বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা ল’ব লাগিব বুলি কয়৷ নতুনত্বৰ বিকল্প একোৱেই নাই বুলি ভাষণত উল্লেখ কৰি তেওঁ আৰু কয়– পুৰণি কথা আমাৰ বাবে সোঁৱৰণি৷ সমাজখন আগুৱাই গৈছে৷ সময়ৰ লগত খোজ মিলাই আমি আগুৱাই যাব লাগিব৷ ধাৰাবাহিকভাৱে কাম কৰি গ’লেহে আমি বিশ্বৰ লগত আগবাঢ়িব পাৰিম৷ অসম কৃষি বিশ্ববিদ্যালক আগুৱাই নিয়াৰ প্রচেষ্টা কৰিব লাগিব বুলিও কয় তেওঁ৷

কৃষি বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে চাকৰিমুখী হোৱাৰ বিপৰীতে নিজৰ যোগ্যতাৰে আনসকলোকো কৃষিৰ লগত জডিত কৰাৰ আহ্বান জনায়৷ শিক্ষিত ল’ৰা–ছোৱালীক কৃষি ক্ষেত্রলৈ নিয়াৰ প্রয়াস চলোৱাৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম কৃষি বিশ্ববিদ্যালয়কো গুৱাহাটী আই আই টিৰ লগত সমানে আগুৱাই যোৱাৰ প্রয়াস চলাবলৈ বিশ্ববিদ্যালয়খনৰ শিক্ষক–কর্মচাৰীসক্ প্রতি আহ্বান জনায়৷ তেওঁ আৰু কয়– অহা পাঁচ বছৰত অসম যাতে আৰু আগবাঢ়ি যাব পাৰে তাৰ প্রতি গুৰুত্ব দিব লাগিব৷ শিক্ষার্থীক প্রযুক্তিৰ ক্ষেত্রত অধিক আগ্রহী কৰি তুলিব লাগিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কৃষকৰ কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ প্রতিও প্রতিষ্ঠানটোৱে গুৰুত্ব দিব লাগিব বুলি কয়৷ মানৱ সম্পদ গঢ়াৰ প্রচুৰ সম্ভাৱনা থকা শিক্ষানুষ্ঠানখনৰ বাবে চৰকাৰে পূর্ণ সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ হিমন্ত শর্মাই বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রস্তাৱ আগবঢ়োৱা দুশ কোটি টকাৰ প্রস্তাৱ বিবেচনা কৰিব বুলি কয়৷ উল্লেখ্য যে অসমৰ কৃষি পর্যটন উদ্যোগৰ বাবে আশাৰ খবৰ কঢ়িয়াই অনা অসম প্রথমবাৰৰ বাবে নির্মাণ হ’ব লগা আদর্শ কৃষি পৰিৱেশ পর্যটন প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

RELATED ARTICLES