peepl-small

উন্নয়নৰ জোৱাৰ আনিব বিকাশৰ স্বপ্নদ্ৰষ্টাই

PUBLISHED:

গুৱাহাটী: অসমৰ মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মা নির্বাচিত হোৱাৰ পিছতে পিতৃৰ জন্ম জিলা নলবাৰীত আনন্দ–উল্লাসৰ ঢ়ৌ বোৱা পৰিলক্ষিত হৈছে৷ নলবাৰী জিলাখনৰ ৰাজনৈতিক ক্ষেত্রখনৰ লগতে সাহিত্য –সংস্কৃতি, শিল্পী সমাজ তথা বৌদ্ধিক মহলৰ মাজতো উৎফুল্লিত হোৱা দেখা গৈছে৷ জিলাখনৰ বিভিন্ন দল–সংগঠনৰ উপৰি জিলাখনৰ বিশিষ্ট নাগৰিকসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি শর্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতা, অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য ডাঃ বিপিন চন্দ্র কলিতা, নলবাৰী সাহিত্য সমাজৰ সভাপতি ড০ লীনা ডেকা, সাহিত্যাচার্য ড০ বসন্ত কুমাৰ ভট্টাচার্যয়ো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা জনাইছে৷

বিশিষ্ট নিবন্ধকাৰ হিতেশ ডেকা, ড০ সুশান্ত কাশ্যপ, শিক্ষাবিদ ড০ কৃষ্ণ চন্দ্র গৌড, লেখক–কবি পংকজ গোবিন্দ মেধি, অসম টাইমৰ সম্পাদক এম মহিবৰ ৰহমান, নলবাৰী জিলা সাংবাদিক সন্থা, নলবাৰী জিলা প্রেছ ক্লাব, নলবাৰী প্রেছ ক্লাব, নলবাৰী শান্তি নিৱাস আশ্রম, নলবাৰী হৰিমন্দিৰ সমিতি আদি অনুষ্ঠানসমূহেও মুখ্যমন্ত্রী ড০ শর্মাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ আগশাৰীৰ শিক্ষানুষ্ঠান কুমাৰ ভাস্কৰ বর্মা সংস্কৃত বিশ্ববিদ্যালয়, নলবাৰী মহাবিদ্যালয়, নলবাৰী এম এন চি কলেজ, চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেৱীৰাম পাঠশালা আদিকে ধৰি সকলো শিক্ষানুষ্ঠানে মুখ্যমন্ত্রীগৰাকীক শুভেচ্ছা জনায়৷ নলবাৰী জিলা কর্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচার্য, সম্পাদক পংকজ বর্মন, নলবাৰী ক্রীডা সন্থা, নলবাৰী ৰেডক্রছ ছ’চাইটী, নলবাৰী শিল্পী সমাজ, নাট্যমন্দিৰ সমিতি, নলবাৰী পূর্বভাৰতী আদি অনুষ্ঠানসমূহেও মুখ্যমন্ত্রী ড০ শর্মাক শুভেচ্ছা জনাইছে৷

বিশিষ্ট চিকিৎসক কামেশ্বৰ লহকৰ, কৈলাস ডেকা, অৰুণ বর্মনকে ধৰি চিকিৎসক সন্থা, শিল্পী পেন্সনাৰ অলকেশ বৰুৱা, হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক উমেশ দাস, কবি প্রণৱ কুমাৰ বর্মন, ভূপেন দাস, ক্রীডা সংগঠক গৌতম কলিতা, হৰিশ গোস্বামী, ক্রীডা সংগঠক তথা পূব নলবাৰী ভলীবল ক’চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, ক্রীডা বিষয়া বিষ্ণুপ্রসাদ কলিতায়ো শুভেচ্ছা জনাইছে৷ নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সাধাৰণ সম্পাদক কেশৱ ডেকা, অগপ নেতা আক্রাম হুছেইনকে ধৰি বহু ৰাজনৈতিক নেতায়ো মুখ্যমন্ত্রী ড০ শর্মাক অভিনন্দন জনাইছে৷

ড০ হিমন্ত বিশ্ব শর্মাক নগাঁৱৰ দল–সংগঠনৰ আদৰণি

অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে বিজেপি বিধায়িনী দলে বিচক্ষণ ৰাজনীতিক, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক নির্বাচিত কৰাত ৰাজ্যখনৰ লগতে নগাঁৱতো উৎসাহৰ ধল উঠিছে৷ জিলাখনৰ বিভিন্ন দল–সংগঠনে ড০ হিমন্ত বিশ্ব শর্মাক বিজেপি বিধায়িনী দলে মুখ্যমন্ত্রী হিচাপে নির্বাচিত কৰাত আদৰণি জনাইছে৷ সমান্তৰালভাৱে বিভিন্নজনে ড০ শর্মালৈ শুভেচ্ছা জ্ঞাপন জনাইছে৷ বিজেপিৰ নগাঁও জিলা সমিতিয়ে ড০ শর্মাক অভিনন্দন জনাই কয়, বিগত পাঁচটা বছৰত ড০ শর্মাই ৰাজ্যখনৰ উন্নয়নৰ হকে যথেষ্ট কাম কৰিছিল৷ অসমক দেশৰ ভিতৰতে ৫খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত স্থান দিবলৈ তেওঁ অহৰহ প্রয়াস কৰিছিল৷ এইবাৰ ড০ শর্মাৰ নেতৃত্বত হ’ব লগা মিত্রজোঁটৰ চৰকাৰখনে অসমক দেশৰ ভিতৰতে এখন জাকত–জিলিকা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ’ব৷

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি কয় যে ড০ শর্মাৰ নেতৃত্বত হ’বলগা নতুন চৰকাৰখনে অসমৰ সামগ্রিক উন্নয়ন অধিক গতিশীল কৰি তুলিব৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ড০ শর্মাক অভিনন্দন জ্ঞাপন কৰি আশা প্রকাশ কৰে যে নতুন চৰকাৰখনে অসমৰ প্রগতিত অভূতপূর্ব বৰঙণি জনাব৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা আৰু সম্পাদক ৰেৱত হাজৰিকাই ড০ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জনাই কয়, ড০ শর্মাৰ নেতৃত্বত অসমৰ সাহিত্য ক্ষেত্রখনৰ যথেষ্ট উন্নতি হ’ব৷ অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাত অতিশয় আনন্দিত হৈছোঁ বুলি মন্তব্য কৰে৷ অসম হাইস্কুল শিক্ষক সন্থাৰ উপ–সভাপতি খনিন গোস্বামীয়ে ড০ শর্মাক অভিনন্দন জনাই কয়, ড০ শর্মাৰ নেতৃত্বত অসমৰ শিক্ষা ক্ষেত্রখনৰ বিকাশে নতুন গতি লাভ কৰিব৷ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ড০ হিমন্ত বিশ্ব শর্মাক বিজেপি বিধায়িনী দলে মুখ্যমন্ত্রী হিচাপে দলৰ নেতা নির্বাচন কৰাত অভিনন্দন জনাইছে৷ অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতি, ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়েও ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাত অভিনন্দন জনাইছে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা সুৰেশ বৰাই ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাত আনন্দিত হোৱা বুলি মন্তব্য কৰে৷ নগাঁও জিলা বার্তাজীৱী সংঘই ড০ শর্মালৈ অভিনন্দন জনাইছে৷ সদৌ অসম ভোজপুৰী যুৱ–ছাত্র পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্র প্রসাদ চৈহানে ড০ শর্মাৰ প্রতি অভিনন্দন জনাই কয়, তেওঁ মুখ্যমন্ত্রী নির্বাচিত হোৱাত ভোজপুৰী যুৱ–ছাত্র পৰিষদ অতিশয় আনন্দিত৷

নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক গোর্খা সন্মিলন আৰু আনলাৰ অভিনন্দন

‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা অসমৰ নতুন মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাত অসম গোর্খা সন্মিলনে সন্তুষ্টি প্রকাশ কৰাৰ লগতে তেওঁলৈ অভিনন্দন জনাইছে৷ এটা বিবৃতিত অসম গোর্খা সন্মিলনৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক প্রেম শর্মা আৰু জগদীশ খনালে কয়, সুদক্ষ ৰাজনৈতিক নেতা হিচাপে পৰিচিত ড০ হিমন্ত বিশ্ব শর্মাক এইবাৰ মুখ্যমন্ত্রী হিচাপে নির্বাচিত কৰি উচিত মর্যাদা দিয়া হৈছে৷ ইপিনে নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন মন্ত্রীসভাত গোর্খা সম্প্রদায়ৰ এজন প্রতিনিধি ৰাখিবলৈ অসম গোর্খা সন্মিলনে দাবী জনাইছে৷ অসমত বসবাস কৰা ৪০ লাখৰো অধিক নেপালীভাষী জনসাধাৰণৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে নৱনির্বাচিত মুখ্যমন্ত্রীগৰাকীয়ে উচিত পদক্ষেপ গ্রহণ কৰিব বুলি গোর্খা সন্মিলনে আশা প্রকাশ কৰে৷ ইপিনে সদৌ আদিবাসী ৰাষ্ট্রীয় মুক্তি বাহিনীৰ (যুদ্ধবিৰত) সাধাৰণ সেনাধ্যক্ষ দ্বীপেন নায়কে নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উষ্ম আদৰণি জনাইছে৷ আদিবাসী লোকসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্রত নৱনির্বাচিত মুখ্যমন্ত্রী ড০ শর্মাই যথোপযুক্ত ব্যৱস্থা গ্রহণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷

পশ্চিম মঙলদৈত আতচবাজীৰে উল্লাসঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ ভিন্নজনৰ শুভেচ্ছা

অসমৰ পঞ্চদশগৰাকী মুখ্যমন্ত্রী হিচাপে দেওবাৰে বিজেপিৰ বিধায়িনী দলৰ সভাত ড০ হিমন্ত বিশ্ব শর্মাৰ নাম প্রস্তাৱ কৰাৰ লগে লগে আনন্দৰ লহৰে চুই যায় দৰঙৰ ভিন্ন প্রান্তৰ লগতে পশ্চিম মঙলদৈ৷ পশ্চিম মঙলদৈৰ দীঘিৰপাৰ, ডাঁহী, জনাৰামচৌকা, নগাঁও, জলজলি, ৰঙামাটি, পিপৰাদোকান আদি স্থানত বিজেপিৰ সমর্থকসকলে ফট্কা ফুটাই বিজেপি জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, ভাৰত মাতা কী জয় আদি ধ্বনি দিয়ে৷ মঙলদৈৰ প্রথমগৰাকী বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ ঘৰত সমর্থকসকলে মিঠাই খুৱাই আনন্দ–উল্লাস কৰাৰ লগতে বিগত ৮ দিনৰ মূৰত আৰেঙৰ দাসৰ ঘৰত বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশ৷ গুৰুজ্যোতিয়ে ড০ হিমন্ত বিশ্ব শর্মালৈ অভিনন্দন জনোৱাৰ লগতে ড০ শর্মা অসমৰ প্রকৃত পৰিৱর্তন আৰু জনতাৰ মুখ্যমন্ত্রী হিচাপে শ্রেষ্ঠতা উজাৰি সেৱা আগবঢ়াব বুলি আশা ব্যক্ত কৰে৷ দৰং বিজেপিৰ সভাপতি অমৰেন্দ্র শর্মা, প্রাক্তন সভানেত্রী নীলিমা দেৱী, যুৱ মর্চা, মহিলা মর্চা আদি সকলো বিষয়ববীয়াই শুভেচ্ছা জনায়৷ ইপিনে, আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ ড০ শর্মাৰ শপত গ্রহণলৈ ইচ্ছা থকা সত্ত্বেও যাব নোৱাৰি পশ্চিম মঙলদৈ মণ্ডল বিজেপিৰ সকলো বুথ সভাপতি, শক্তিকেন্দ্রৰ তত্ত্বাৱধায়ক, পঞ্চায়ত প্রতিনিধি আৰু দলৰ সকলো কার্যকর্তাই কাইলৈ দুপৰীয়া ১২ বজাত মন্দিৰত একোগছি বন্তি প্রজ্বলন কৰিব৷ আজি এই বিষয়ে অৱগত কৰিছে মণ্ডল সমিতিৰ সভাপতি নীলকান্ত বৰুৱাই৷

বিহপুৰীয়া–নাৰায়ণপুৰ সমর্থকৰ আনন্দ–উল্লাস

বহু প্রত্যাশিত ৰাজ্যৰ নতুন মুখ্যমন্ত্রী হিচাপে ড০ হিমন্ত বিশ্ব শর্মাক আজি বিধায়িনী দলৰ বৈঠকত বাছনি কৰাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বিহপুৰীয়া বিধানসভা সমষ্টিৰ নাৰায়ণপুৰতো বিজেপিৰ সমর্থক, জ্যেষ্ঠ নাগৰিকসকলে আনন্দ–ডল্লাস কৰা পৰিলক্ষিত হয়৷ নাৰায়ণপুৰৰ ঐতিহাসিক শংকৰদেৱ–মাধৱদে গুৰু দুজনাৰ মণিকাঞ্চন সংযোগ ঘটা ধুৱাহাট বেলগুৰি সত্রৰ সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামী, বদলা পদ্ম আতা সত্রৰ ডেকা সত্রাধিকাৰ দীপজ্যোতি মহন্ত, শিয়ালমৰা সত্রৰ সত্রাধিকাৰ অৰুণ কুমাৰ গোস্বামী, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ডপাচার্য ড০ দিবাকৰ চন্দ্র ডেকা, বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ নৱনির্বাচিত বিধায়ক ড০ অমিয় কুমাৰ ভূঞা, অগপৰ প্রাক্তন বিধায়ক কেশৰাম বৰা, প্রাক্তন শিক্ষামন্ত্রী প্রেমধৰ বৰা, দেডৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ বিষু কুমাৰ দেডৰী আদিয়ে শুভেচ্ছা–ভিনন্দ জ্ঞাপন কৰিছে৷ আনহাতে, ৰাজ্যৰ নতুন মুখ্যমন্ত্রী বাছনি হোৱাৰ খবৰ লাভ কৰাৰ পিছতে হিমন্ত বিশ্ব শর্মা বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰৰ ফেন ক্লাবৰ সদস্যসকলে মিঠাই খুৱাই, ফট্কা ফুটাই, নাচি–বাগি আনন্দ–ডল্লাস কৰাৰ লগতে ৰাজ্যখনত প্রগতিৰ বাটেৰে আগুৱাই নিয়াৰ পোষকতা কৰে৷ ডল্লেখ্য যে ফেন ক্লাবৰ বিহপুৰীয়াৰ ৰাজীৱ শর্মা, নাৰায়ণপুৰৰ দিব্যজ্যোতি বৰা, ধলপুৰৰ চন্দ্র বৰুৱা, ললিত কোঁৱৰ, বিপুল গগৈ, যামিনী শর্মা, পৰাগ ফুকন, ডাঃ প্রাঞ্জল বৰা, সীমানজ্যোতি বৰুৱা আদি ভালেসংখ্যক অনুৰাগী ডপস্থিত থাকে৷

অসমে এজন বাঙালীপ্রেমী মুখ্যমন্ত্রী পালেঃ অসম নাগৰিক মঞ্চ

অসমৰ নির্বাচিত বিধায়কে শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাক বিধায়িনী দলৰ দলপতি হিচাপে নির্বাচিত কৰাত অসম নাগৰিক মঞ্চই শুভেচ্ছা জ্ঞাপন কৰিছে৷ মঞ্চৰ সম্পাদক বিজয় চক্রৱর্তীয়ে এটা বিবৃতিত ৰবীন্দ্র ঠাকুৰৰ এশ ষাঠিসংখ্যক জন্মজয়ন্তীত অসমে এজন বাঙালীপ্রেমী মুখ্যমন্ত্রী লাভ কৰিলে৷ যিজনে সর্বানন্দ সোণোৱাল চৰকাৰৰ শিক্ষামন্ত্রী হিচাপে বাঙালী প্রধান হোজাইত ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয় স্থাপন কৰি তেওঁৰ আশীর্বাদ লাভ কৰিছে, সেয়ে আজি তেওঁ অসমৰ পোন্ধৰতম মুখ্যমন্ত্রী হ’বলৈ গৈ আছে৷ হোজাইৰ সমূহ বাঙালী লোকে তেওঁক সমর্থন দিব বুলি বিজ্ঞপ্তিত প্রকাশ কৰে৷

বিশ্বনাথত নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উষ্ম সম্ভাষণ

আজি বিজেপি বিধায়িনী দলৰ নেতাৰ লগতে ৰাজ্যৰ নতুনকৈ মুখ্যমন্ত্রী পদত ড০ হিমন্ত বিশ্ব শর্মা আসীন হ’ব লগা খবৰে বিশ্বনাথ জিলাত আনন্দৰ লহৰ তুলিছে৷ বিশ্বনাথ জিলাৰ তিনিওটা সমষ্টিতে বিজেপিৰ বিজয় সুনিশ্চিত কৰা ড০ হিমন্ত বিশ্ব শর্মাই ভোটগণনাৰ পূর্বে বিহালীৰ জাগ্রত কালী মন্দিৰত আশিস লৈছিল৷ তদুপৰি নির্বাচনৰ পূর্বে বহুকেইটা প্রতিশ্রুতিৰে নতুনকৈ গঠন হোৱা বিশ্বনাথ জিলাক পূর্ণাংগৰূপ দিয়াৰ পোষকতা কৰা ড০ হিমন্ত বিশ্ব শর্মাক উষ্ণ আদৰণি জনাইছে বিজেপিৰ বিশ্বনাথ জিলা সমিতিয়ে৷

ড০ হিমন্ত বিশ্ব শর্মাক আন্তৰিক অভিনন্দন জ্ঞাপন অসম সত্র মহাসভাৰ
নিয়মীয়া বার্তা, ডুমডুমীয়া ঃ অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ নেতৃত্বাধীন মিত্রজোঁটৰ নতুন চৰকাৰখনলৈ অসম সত্র মহাসভাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ এক বার্তাত অসম সত্র মহাসভাৰ সম্পাদক প্রধান তথা সত্রাধিকাৰ কুসুম কুমাৰ মহন্তই কয় যে মুখ্যমন্ত্রী ড০ শর্মা সুস্বাস্থ্যৰ গৰাকী হৈ অসমক ভাৰতৰ ভিতৰতে সর্বোচ্চ স্থানলৈ উন্নীত কৰিবলৈ সক্ষম হ’ব৷

মুখ্যমন্ত্রীলৈ শুভেচ্ছা বৰক’লা শিখ সমাজৰ

অসমৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে নগাঁও জিলাৰ বৰক’লাৰ অসমীয়া শিখ সমাজে৷ শিখ সমাজে আগন্তুক সময়ত এগৰাকী দক্ষ আৰু গতিশীল মুখ্যমন্ত্রীৰ নেতৃত্বত অসম উন্নতিৰ শিখৰত আগুৱাই যাব বুলি আশা প্রকাশ কৰে৷ এটা বিবৃতিত এই কথা প্রকাশ কৰে শিখ সমাজৰ সভাপতি ছত্তৰ সিং আৰু বিত্ত সম্পাদক দৰবাৰ সিঙে৷

ড০ হিমন্ত বিশ্ব শর্মাক অভিন্দন কিষাণ মর্চাৰ ৰাজ্যিক সভাপতিৰ

ড০ হিমন্ত বিশ্ব শর্মা ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে ঘোষণা হোৱাৰ লগে লগেলখিমপুৰ জিলাৰ নাৰায়ণপুৰতো বিজেপিৰ কার্যকর্তাসকলে আনন্দ–উল্লাস কৰা পৰিলক্ষিত হয়৷ বিজেপিৰ নাৰায়ণপুৰ নগৰস্থিত নাৰায়ণপুৰ গ্রাম্য মণ্ডলৰ কার্যালয়ৰ সন্মুখত বিজেপিৰ কার্যকর্তাসকলে বিজেপি জিন্দাবাদ, নৰেন্দ্র মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয়৷ বিজেপিৰ কিষাণ মর্চাৰ ৰাজ্যিক সভাপতি প্রফুল্ল বৰাই অসমৰ পৰৱর্তী মুখ্যমন্ত্রীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে৷

RELATED ARTICLES