peepl-small

মুকলি বজাৰৰ খাদ্য–সামগ্রীৰ দাম নির্ধাৰণ নকৰে ৰাজ্য চৰকাৰেঃ ৰঞ্জিত কুমাৰ দাস

PUBLISHED:

 অত্যাৱশ্যকীয় সামগ্রীৰ দামৰ ক্ষেত্রত অসমৰ যোগান মন্ত্রীসকলে সদায়ে দায়সৰা মন্তব্য কৰি অহাটো এক পৰম্পৰাত পৰিণত হৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলৰ যোগান মন্ত্রী ডাঃ নজৰুল ইছলাম, বিগত বিজেপি মিত্রজোঁট চৰকাৰৰ যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে মূল্যবৃদ্ধিৰ প্রসংগ উত্থাপন হ’লেই উৎসতেই মূল্যবৃদ্ধি হৈছে, উৎসত মূল্যবৃদ্ধি হ’লে তেওঁলোকৰ কৰিবলগীয়া একো নাই বুলি দায়সৰা মন্তব্য কৰি আহিছিল৷ বর্তমানৰ যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাসেও খাদ্য–সামগ্রীৰ দামক লৈ দায়সৰা মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে৷

মঙলবাৰে সদনত মন্ত্রী দাসে কয় যে অত্যাৱশ্যকীয় সামগ্রীৰ দাম ক্রয় মূল্যৰ লগত পৰিবহণ ব্যয় আৰু লাভাংশ যোগ হৈ নির্ধাৰিত হয়৷ মুকলি বজাৰৰ খাদ্য–সামগ্রীৰ দাম চৰকাৰৰ ফালৰ পৰা নির্ধাৰণ কৰা নহয়৷ বিধায়ক বিদ্যাছিং ইংলেঙৰ এক লিখিত প্রশ্ণৰ উত্তৰত যোগান মন্ত্রী দাসে কয় যে যেতিয়া খাদ্য সামগ্রীৰ দাম অস্বাভাৱিকভাৱে বৃদ্ধি হয় আৰু খাদ্য–সামগ্রীৰ নাটনি পৰিলক্ষিত হয়, তেতিয়া জিলাসমূহৰ উপায়ুক্তৰ দ্বাৰা খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগে ব্যৱসায়ী সন্থা (পাইকাৰী আৰু খুচুৰা বিক্রেতা)ৰ লগত আলোচনামর্মে সীমিত সময়ৰ বাবে স্বেচ্ছামূলক মূল্য নির্ধাৰণ কৰি দিয়া হয়৷ অসমে বেছিভাগ অত্যাৱশ্যকীয় সামগ্রী অন্য ৰাজ্যৰ পৰা আমদানি কৰে৷ আনহাতে অন্যান্য লাগতিয়াল সামগ্রীসমূহৰ মূল্য নির্ধাৰণৰ ক্ষেত্রতো ক্রয় মূল্য পৰিবহণ ব্যয় আৰু লাভাংশৰ ওপৰত নির্ভৰ কৰে৷ চৰকাৰৰ দ্বাৰা মূল্য নির্ধাৰণ কৰা নহয়৷

সদনত মন্ত্রী দাসে আৰু কয় যে অসম চৰকাৰৰ যোগান বিভাগৰ দ্বাৰা নিয়ন্ত্রিত সামগ্রী হৈছে নিমখ৷ কিন্তু মুকলি বজাৰৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে নিমখৰ লগতে চাউল, মচুৰ দাইল, মগু দাইল, বুট দাইল, ৰহৰ দাইল, চেনি, গোটা বুট, গোটা মুগ, আটা, মিঠাতেল, ৰিফাইন তেল, আলু আৰু পিঁয়াজৰ বজাৰ মূল্য আৰু মজুত চোৱাচিতা কৰা হয়৷ মন্ত্রী দাসে আৰু কয় যে সচৰাচৰ ব্যৱহাৰ কৰা অত্যাৱশ্যকীয় সামগ্রী বুলিলে খাদ্য–সামগ্রী, ঔষধজাতীয় সামগ্রী, সাৰ, সূতাজাতীয় সামগ্রী, মৰাপাটজাতীয় সামগ্রী, পেট্র’ল–ডিজেলকে ধৰি পেট্র’লিয়াম উৎপাদিত সামগ্রী আদিকে সামৰি লোৱা হয়৷ খাদ্য–সামগ্রীৰ ভিতৰত নিমখ, চাউল, ঘেঁহু, চেনি, মাহজাতীয়, দাইলজাতীয়, খোৱা তেলজাতীয় সামগ্রী অন্তর্ভুক্ত হৈ আছে৷

আনহাতে বিধায়ক নুৰুল হুদাৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী দাসে কয় যে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবণ্টন দিয়া চাউলৰ কমিছনৰ বাবদ সুলভ মূল্যৰ দোকানীসমূহক কেন্দ্রীয় চৰকাৰৰ অংশ হিচাপে ২০২০ চনৰ অক্টোবৰৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ৯০,০৪,৭২,২২৭ টকা আৰু ৰাজ্য চৰকাৰৰ অংশ হিচাপে ২০২০ চনৰ জুলাইৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ৩৯,৯০,৩৫,০২১ টকা দিবলৈ বাকী আছে৷

সেইদৰে ২০২০ চনৰ এপ্রিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে প্রধানমন্ত্রী গৰিব কল্যাণ অন্ন যোজনাৰ পৰিবহণ ব্যয় মুঠ ১২৪,৪৬,৫২,৫৯৮ টকা হৈছিল৷ ইয়াৰে কেন্দ্রীয় চৰকাৰে ৮৭,৪৫,২৬,০২২ টকা মুকলি কৰি দিছে আৰু বাকী থকা টকাসমূহ ব্যৱহাৰিক প্রমাণ–পত্র কেন্দ্রীয় চৰকাৰক দাখিল কৰাৰ পিছত মুকলি কৰি দিব৷

RELATED ARTICLES