peepl-small

ক’ৰোনাক নেওচি ৰঙালী বিহুলৈ সাজু মহানগৰীৰ অর্ধশতাধিক বিহু সমিতি

PUBLISHED:

গুৱাহাটীঃ নঙলামুখ পালেহি অসমীয়াৰ বাপতিসাহোন স্নেহৰ ৰঙালী বিহু৷ কাইলৈৰ পৰা আৰম্ভ হ’ব অসমীয়াৰ আদৰৰ ৰঙালী বিহু৷ ৰঙালী বিহুক আদৰিবলৈ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত প্রস্তুতি প্রায় সম্পন্ন কৰি তোলা হৈছে৷

ক’ৰোনা মহামাৰীৰ ভয়াৱহতাকো নেওচি বিহু সমিতিসমূহে ৰঙালীক আদৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ ঢ়োল–পেঁপাৰ মাতত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ চৌপাশে উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে৷ শিপিনীসকলে সাজু কৰি তুলিছে স্নেহৰ বিহুৱান৷ একে সময়তে মহানগৰীৰ বজাৰত পৰম্পৰাগত বিহুৰ সাজ–পাৰ আৰু খাদ্যসামগ্রীৰ পয়োভৰ ঘটিছে৷ হেঁপাহৰ ৰঙালী বিহুত এপাক নাচিবলৈ ডেকা–গাভৰুৰ মাজত ব্যাপক উছাহ দেখা গৈছে৷ ইফালে, ৰঙালী বিহুক কেন্দ্র কৰি মহানগৰীৰ প্রান্তে প্রান্তে চলি থকা বিহুৰ আখৰা আৰু কর্মশালাই ক্রংকিটৰ মহানগৰীক এক বিশেষ মাত্রা দিয়া পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে কেন্দ্রৰ নির্দেশ অনুসৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এছ অ’ পিৰ জৰিয়তে বিহু সমিতিসমূহলৈ ক’ভিত প্রট’কল মানি চলাৰ বাবে নির্দেশনা জাৰি কৰিছে৷ এই লৈ বিহু সমিতিসমূহৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এছ অ’ পিত বান্ধি দিয়া নীতি–নির্দেশনাসমূহ পালন কৰাৰ বাবে বিহু সমিতিসমূহে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা হেতুকে এইক্ষেত্রত কিছু শিথিলতা গ্রহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়৷ কিন্তু চৰকাৰ–প্রশাসনে বিহু সমিতিসমূহৰ আহ্বানক গুৰুত্ব প্রদান নকৰাত কালি ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত মহানগৰীৰ বিভিন্ন প্রান্তৰ ২৮খন বিহু সমিতিৰ বিষয়ববীয়াসকলে এক প্রতিবাদী কার্যসূচী গ্রহণ কৰি চৰকাৰলৈ এছ অ’ পি শিথিল কৰাৰ দাবী জনায়৷ বিশেষকৈ বিহুতলীত ছেনিটাইজ কৰাৰ উপৰি প্রতিগৰাকী দর্শকক মাস্ক প্রদান কৰাৰ ক্ষেত্রত চৰকাৰে উদ্যোগ গ্রহণ কৰিব লাগে বুলি বিহু সমিতিসমূহে দাবী জনায়৷

অৱশ্যে এইক্ষেত্রত মহানগৰীৰ লতাশিল, ভৰলুমুখ, পূব গুৱাহাটী, পাণ্ডু, জালুকবাৰী, লখৰা, উলুবাৰী, খানাপাৰা, নিউ গুৱাহাটী, নুনমাটি, বোন্দা, গড়চুক আৰু বেলতলা বিহু সমিতিৰ লগতে মহানগৰীৰ সৰু–বৰ অর্ধশতাধিক বিহু সমিতিয়ে যথাসম্ভৱ ক’ভিড প্রট’কলৰ মাজতে বিহু উদ্যাপনৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ জ্যেষ্ঠ নাগৰিক আৰু শিশুক মাস্ক প্রদান কৰাৰ লগতে ছেনিটাইজাৰৰ সু–ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে৷ যিহেতুকে প্রতিজন দর্শকক মাস্ক পৰিধান কৰোৱাটো সম্ভৱ নহয়, সেয়েহে এইক্ষেত্রত চৰকাৰ প্রশাসনে ব্যৱস্থা গ্রহণ কৰাৰ বাবে বিহু উদ্যাপন সমিতিসমূহে আহ্বান জনাইছে৷

RELATED ARTICLES