peepl-small

অসম আৰক্ষীত শীঘ্ৰে ১২ হাজাৰ COMMANDO, ২৩ হাজাৰ CIVIL POLICEৰ নিযুক্তি

PUBLISHED:

গুৱাহাটী: অসম আৰক্ষীত শীঘ্ৰে সংযুক্ত হ’ব ১০টা নতুন কমাণ্ডো বেটেলিয়ন । লগতে ১২ হাজাৰ COMMANDO আৰু ২৩ হাজাৰ CIVIL POLICE ৰ হ’ব নিযুক্তি। এই কথা আজি সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

 ডিজিপি মহন্তই কয়, “আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ ব্যৱস্থা, বিশেষ শাখাৰ প্ৰশাসন, তদন্ত ক্ষীপ্ৰ কৰা, আইন-শৃংখলা বজাই ৰখা আদি বিষয়ৰ লগতে আভ্যন্তৰীণ বহুকেইটা বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীক ন-ৰূপত সজাই তোলাৰ যি সপোন দেখিছে, তাৰবাবে অসম আৰক্ষীৰ বিশেষ শাখাত আমি আমূল সংস্কাৰ সাধনত আগবাঢ়িবলৈ গৈ আছো।”

লগতে ডিজিপি মহন্তই কয় যে নতুনকৈ যিকেইটা কমাণ্ডো বেটেলিয়ন হ’বলৈ গৈ আছে, সেইসমূহ ৰাজ্যখনৰ কিছুমান বিশেষ বিশেষ অঞ্চলত স্থাপন কৰা হ’ব। যাৰ জৰিয়তে অসমৰ ভৌগলিক অখণ্ডতা বা ভাৰত বৰ্ষৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিব পৰা যাব।

উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷

RELATED ARTICLES