peepl-small

APSC কেলেংকাৰিঃ ন্যায়ালয়ত আৰক্ষীয়ে জমা দিলে মার্কশ্বীট স্ক্রুটিনী শ্বীট

PUBLISHED:

চূড়ান্ত অনিয়মেৰে অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ চাকৰিত নিযুক্তি পোৱা পুনৰ একাংশ ৰাজপত্রিত বিষয়াই অচিৰেই সন্মুখীন হ’ব জেৰাৰ৷ শনিবাৰে এই কথা স্পষ্ট কৰিলে এ পি এছ চি কেলেংকাৰিৰ তদন্তৰ নেতৃত্ব দি থকা আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে৷

উল্লেখ্য যে এ পি এছ চি কেলেংকাৰিত সাঙোৰ খাই পৰা তথা অনিয়মেৰে পৰীক্ষাত উত্তীর্ণ হোৱা ১৯গৰাকী ৰাজপত্রিত বিষয়া ইতিমধ্যে ন্যায়াধীশ বিপ্লৱ শর্মা তদন্ত আয়োগৰ সন্মুখীন হৈছে৷ তদুপৰি জালিয়াতিৰে পৰীক্ষাৰ বহী সলনি কৰা আৰু হোটেল–লজত প্রশ্ণৰ উত্তৰ লিখা বহুকেইজন বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে উপযুক্ত প্রমাণ লাভ কৰাৰ পাছত বিশেষ আদালতত সেয়া তদন্তকাৰী বিষয়াই দাখিল কৰিছে৷

ইয়াৰ মাজতে শনিবাৰে পুনৰ বিশেষ ন্যায়াধীশ আদালতত এ পি এছ চি কেলেংকাৰিৰ তদন্ত চলাই থকা সুৰজিৎ সিং পানেচাৰে দাখিল কৰিলে একাংশ মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীট৷

তদন্তকাৰী বিষয়াজনে জানিবলৈ দিয়া মতে ২০১৩ আৰু ২০১৪ বর্ষৰ এ পি এছ চি পৰীক্ষাৰ এই মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীটসমূহ ২০১৯ চনত তদন্তকাৰী দলটোৱে জব্দ কৰিবলৈ সক্ষম হৈছিল৷ জব্দ কৰা এই মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীটসমূহ ফৰেনছিকত পৰীক্ষাৰ বাবে প্রেৰণ কৰাৰ পাছত শেহতীয়াকৈ ইয়াৰ প্রতিবেদন লাভ কৰিছে আৰক্ষীয়ে৷

উক্ত প্রতিবেদন তথা মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীটসমূহ শনিবাৰে বিশেষ আদালতত জমা দিয়া হয়৷ সুৰজিৎ সিং পানেচাৰে ইয়াকো উল্লেখ কৰে যে ২০১৯ চনতে জব্দ হোৱা এই মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীটসমূহ ভুৱা অথবা জালিয়াতিৰে নম্বৰ সন্নিৱিষ্ট কৰা হৈছিল নেকি, তাৰ পৰীক্ষা চলোৱা হৈছিল ফৰেনছিক বিজ্ঞানাগাৰত৷ লকডাউনৰ বাবে এই পৰীক্ষাৰ কিছু বিলম্ব হৈছিল যদিও শেহতীয়াকৈ আৰক্ষীয়ে সবিশেষ প্রতিবেদন লাভ কৰিবলৈ সক্ষম হৈছে৷ সকলো দিশ পৰীক্ষা কৰাৰ পাছত শনিবাৰে আদালতত এই তথ্যসমূহ জমা দিয়া হয়৷

তদন্তকাৰী বিষয়াজনে ইয়াকো স্পষ্ট কৰে যে এই কেলেংকাৰি তথা জালিয়াতিত যিসকল প্রার্থী জড়িত হৈ আছে, তেওঁলোকে যাতে আইনৰ সুৰুঙাৰে ইয়াৰ পৰা ৰেহাই পাব নোৱাৰে, তাৰ বাবে সকলো ধৰণৰ তথ্য আদালতত দাখিল কৰা হৈছে৷ ৰাজ্যত সংঘটিত এই বিয়াগোম এ পি এছ চি কেলেংকাৰিত জড়িত কেইবাজনো ৰাজপত্রিত বিষয়াই আদালতত আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ পূর্ণ প্রচেষ্টা চলাই আছে৷

আদালতে যাতে উপযুক্ত তথ্য তথা প্রমাণ লাভ কৰিব পাৰে, তাৰ বাবে সকলো তথ্য পৰীক্ষাৰ অন্তত জমা দিয়া হৈছে৷ বিষয়াজনে শনিবাৰে ইয়াকো স্পষ্ট কৰে যে এই তথ্য দাখিলৰ পাছত ন্যায়ালয়ৰ অনুমতি সাপেক্ষে ভুৱা মার্কশ্বীট আৰু স্ক্রুটিনী শ্বীটত জড়িত হৈ থকা একাংশ ৰাজপত্রিত বিষয়াক চলিত মাহৰ শেষৰ ফালে জেৰাৰ বাবে মতা হ’ব৷

আৰক্ষীয়ে এইক্ষেত্রত অধিক তথ্য লাভ কৰিলে প্রয়োজনত এইসকল বিষয়া গ্রেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও তদন্তকাৰী বিষয়াজনে জানিবলৈ দিয়ে৷

RELATED ARTICLES