peepl-small

এছআই কেলেংকাৰিৰ ৪২জনৰ বিৰুদ্ধে অভিযোগনামাঃ দুটা গোচৰত ৫৫জনৰ নামত চার্জশ্বীট, ৭৪ অভিযুক্তক গ্রেপ্তাৰ

PUBLISHED:

অসম আৰক্ষীৰ এছ আই পদত নিযুক্তিৰ নামত বিগত ২০২০ চনত সংঘটিত কেলেংকাৰি সন্দর্ভত ৪২জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷ বিধায়ক আশ্রাফুল ইছলামৰ এক প্রশ্নৰ উত্তৰত সোমবাৰে বিধানসভাৰ মজিয়াত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই সদনত জানিবলৈ দিয়া মতে, এছ আই নিযুক্তি কেলেংকাৰি সংক্রান্তত চি আই ডি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪০৯/২০১/২০৪, তথ্য–প্রযুক্তি আইনৰ ৬৬ বি, অস্ত্র আইনৰ ২৫ (আইবি) আৰু দুর্নীতি প্রতিৰোধ আইনৰ ৭(এ), (বি), (চি)/৮/১২/১৩ (১)(এ), ১৩ (২) ধাৰাৰ অধীনত ২১/২০২০ নম্বৰৰ গোচৰ ৰুজু কৰি এই ৪২জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷ এ পি এছ চি কেলেংকাৰিৰ তদন্ত আৰু ইয়াৰ অভিযোগনামা দাখিলৰ তথ্যও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ এই সম্পর্কীয় প্রশ্ন ৰ উত্তৰত তেওঁ কয় যে এ পি এছ চি কেলেংকাৰিৰ গোচৰৰ তদন্তৰ অন্তত গ্রেপ্তাৰী পদকীয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে৷

ইতিমধ্যে ডিব্রুগড় থানাত ৯৩৬/২০১৬ নম্বৰৰ গোচৰ ৰুজু কৰি ৭৪জন অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ১১জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে আৰু আদালতে উক্ত মোকর্দমাৰ ওপৰত বিচাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ আনহাতে, ভঙাগড় থানাত ১৫৯/২০১৭ নম্বৰৰ গোচৰ ৰুজু কৰি ৪৪জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে আৰু এই মোকর্দমাৰ ওপৰতো বিচাৰ ব্যৱস্থা লৈছে আদালতে৷ সেইদৰে ২০১৮ চনত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিত সংঘটিত হোৱা কেলেংকাৰি সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৬৬/৪০৬ আৰু তথ্য–প্রযুক্তি আইনৰ ৬৬(বি) ধাৰাৰ অধীনত চি আই ডি থানাত ১৪/২০১৮ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত কৰা হয়৷ ইতিমধ্যে চি আই ডি থানাৰ ১/২০২০ নম্বৰৰ চূড়ান্ত প্রতিবেদন বিগত ২০২০ চনৰ ৩০ জুনত দাখিল কৰা হৈছে৷

বিগত ১০ বছৰত আৰক্ষীয়ে কৰায়ত্ত কৰা মুঠ ২৭৪জন অপৰাধী পলাবলৈ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সম্প্রতি অসম আৰক্ষীৰ হাতত বহু অভিযুক্ত কৰায়ত্ত হৈছে যদিও মুষ্টিমেয় কেইজনমান অপৰাধীয়েহে পলাবলৈ বা আৰক্ষীক আক্রমণ কৰিবলৈ উদ্যত হৈছে৷ কৰায়ত্ত কৰা অভিযুক্তৰ সংখ্যাৰ অনুপাতে বেছিকৈ পলাবলৈ চেষ্টা কৰিছে বুলি ক’ব নোৱাৰি৷ যেতিয়াই অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে বা আৰক্ষীক আক্রমণ কৰিবলৈ উদ্যত হয়, আৰক্ষীয়ে আইনগতভাৱে ব্যৱস্থা লয়৷ অসম আৰক্ষীত বর্তমান ১৫,৬৩৯টা পদ খালী হৈ আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

RELATED ARTICLES