peepl-small

আজি পাবহি শ্বহীদ মৃত্যুঞ্জয়ৰ নিথৰ দেহ

PUBLISHED:

গুৱাহাটীঃ দেখিলেই আকর্ষিত কৰিব পৰা চেহেৰাৰ এজন উদীয়মান৷ দেশমাতৃৰ সুৰক্ষাৰ হকে ওলাই গৈ তেওঁ শ্বহীদ হ’ল জম্মু–কাশ্মীৰত৷ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত লেটাৰসহ প্রথম বিভাগত উত্তীর্ণ হোৱাৰ পাছত পদার্থ বিজ্ঞানত মেজৰ লৈ বি এছ চি পঢ়িছিল৷ তাতো প্রথম শ্রেণীত উত্তীর্ণ হৈছিল মেধাৱী ছাত্রজন৷ স্নাতকোত্তৰ শ্রেণীত নামভর্তি কৰা সপোন আছিল যদিও মন নকৰিলে৷

এফালে ঘৰৰ ওপৰত বোজা হৈ নাথাকি নিজৰ ভৰিত থিয় দিয়াৰ মন, আনফালে দেশৰ বাবে কিবা এটা কৰাৰো দুর্বাৰ হেঁপাহ৷ সেয়ে যোগ দিলে কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীত৷

চাকৰিত যোগ দিয়াৰ আগে আগে তেওঁ পঢ়া মৰিধল মহাবিদ্যালয়ত দান দি গ’ল কিতাপ–পত্রবোৰ৷ যাতে তেওঁৰ দৰে দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীৰ সহায় হয়৷ ঘৰ আৰু সপোন এৰি দেশৰ বাবে ওলাই যোৱা মৃত্যুঞ্জয় আজি শ্বহীদ হ’ল৷

যোৱা বুধবাৰে কর্তব্যৰত অৱস্থাত জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত আহত হোৱাৰ পাছত বৃহস্পতিবাৰে মৃত্যু হয় চি আৰ পি এফৰ ১১৫ বেটেলিয়নত কর্মৰত ধেমাজিৰ চিচিবৰগাঁওস্থিত গেলুৱা গাঁৱৰ মৃত্যুঞ্জয় চুতীয়াৰ৷ অতি অমায়িক মৃত্যুঞ্জয়ৰ মৃত্যুৰ শোকত ম্রিয়মান হৈ পৰিছে সকলো৷

মাত্র ২৪ বছৰীয়া জোৱানজনে ২০১৭ চনৰ মার্চ মাহত চি আৰ পি এফত যোগদান কৰিছিল৷ চিচিবৰগাঁৱৰ ছবিলাল চুতীয়া আৰু চন্দিকা চুতীয়াৰ কনিষ্ঠ পুত্র শ্বহীদ জোৱানজনৰ মৃত্যুত ঘৰখন এতিয়া বাকৰুদ্ধ হৈ পৰিছে৷

উল্লেখ্য যে ঘৰত দুমাহৰ ছুটীত থাকি আজিৰ পৰা প্রায় এমাহ আগত কর্মস্থলীত যোগাদান কৰিছিল মৃত্যুঞ্জয়ে৷ জানিব পৰা মতে, কার্যালয়ত কর্মৰত মৃত্যুঞ্জয় চুতীয়াই বর্তমান জম্মুু–কাশ্মীৰত নির্বাচনৰ বাবে বাহিৰত কর্তব্য সমাপন কৰিব লগা হৈছিল৷ আৰু তেনে সময়তে এনেদৰে আততায়ীৰ গ্রেনেড বিস্ফোৰণত শ্বহীদ হ’বলগীয়া হয় জোৱানজন৷ এই খবৰ বিয়পি পৰাৰ পাছত স্থানীয় লোকে ভিৰ কৰিছেহি জোৱানজনৰ ঘৰত৷

তাৎপর্যপূর্ণ যে চি আৰ পি এফত কর্মৰত মৃত্যুঞ্জয় আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে ছুটীত আহি বাসগৃহ নতুনকৈ সজাৰ পৰিকল্পনাৰে বয়–বস্তু যোগাৰ কৰি থৈ গৈছিল৷ কালিৰ দিনটোতে পিতৃয়ে ঘৰৰ খুঁটা পোতাৰ ব্যৱস্থা কৰিছিল যদিও সেই দিনটোতে সপোনক চাৰখাৰ কৰি ঘৰলৈ আহিল এই বেয়া খবৰটো৷ ৰাইজে এতিয়া দুর্ভগীয়া জোৱানজনৰ নশ্বৰ দেহক আদৰিবৰ বাবে আজি পুৱাৰ পৰা চোতালত থকা ডাঙৰ ডাঙৰ গাঁতবোৰ পুনৰ পুতি পেলাব লগা হয়৷

ইফালে, আজি পুৱা ৯.৩০ বজাত ডিব্রুগডৰ মোহনবাৰীৰ বিমানবন্দৰ পাবহি জোৱানজনৰ নশ্বৰ দেহ৷ জানিব পৰা মতে, তাতেই ১০৭নং বেটেলিয়ন বাহিনীয়ে জোৱানজনৰ নশ্বৰ দেহক আনুষ্ঠানিকভাৱে শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত পোনে পোনে লৈ অহা হ’ব চিচিবৰগাঁৱৰ গেলুৱাৰ নিজ ঘৰলৈ৷

ইয়াৰ পাছত ঘৰতেই চি আৰ পি এফৰ ডি আই জি, আই জি, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদি বিভাগীয় বিষয়া–কর্মচাৰীৰ উপস্থিতিত নিজ গৃহত অনুষ্ঠিত হ’ব শ্রদ্ধাঞ্জলি অনুষ্ঠান৷ ৰাষ্ট্রীয় মর্যাদাৰে শেষ বিদায় জনাব দেশৰ বাবে প্রাণ আহুতি দিব লগা হোৱা চিচিবৰগাঁৱৰ সন্তান তথা দেশৰ জোৱানজনক৷

আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুবন পেগুৱে দুর্ভগীয়া জোৱানজনৰ ঘৰত উপস্থিত হৈ পিতৃ–মাতৃক সাত্ব্ন্না দিয়াৰ লগতে কাইলৈ হ’ব লগা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে লগতে গেলুৱাস্থিত ৰাষ্ট্রীয় ঘাইপথৰ পৰা জোৱানজনৰ ঘৰলৈ সোমাই যোৱা লুংলুঙীয়া পথটোৰ কিছু অসুবিধা থকাত আন এটা পথ মেৰামতিৰে সাজু কৰি তোলা বুলি জানিব পৰা গৈছে৷

ইফালে, আজি সন্ধিয়া শ্বহীদ জোৱানজনৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে সন্ত্রাসবাদ নিপাত যাওক ধ্বনিৰে মমবাতি আৰু শলিতা জ্বলাই প্রার্থনা জনায় চিচিবৰগাঁৱৰ ৰাইজে৷ উল্লেখ্য যে জ্যেষ্ঠ ভাতৃৰ লগতে এগৰাকী জ্যেষ্ঠ ভগ্ণীকো এৰি থৈ গৈছে মৃত্যুঞ্জয়ে৷

RELATED ARTICLES