peepl-small

অসমত জল জীৱন মিছন ৰূপায়ণত বহিঃৰাজ্যৰ ঠিকাদাৰী প্রতিষ্ঠানক ৰঙা দলিচা

PUBLISHED:

গুৱাহাটীঃ  কেন্দ্রীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন অসমত ৰূপায়ণৰ নামত চলি আছে বিয়াগোম কেলেংকাৰি৷ গছৰ ডাল, লাউৰ চাঙত পানীৰ টেপ সংযোগ কৰি কিদৰে আঁচনি ৰূপায়ণৰ নাম দিয়া হৈছে, সেয়া ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে প্রকাশ পাইছে৷ এইবাৰ জল জীৱন মিছনত থলুৱা ঠিকাদাৰক বঞ্চিত কৰি বহিঃৰাজ্যৰ ঠিকাদাৰক ৰঙা দলিচা পাৰি দিয়াৰ আন এক কৌশলী চক্রান্ত ৰচনা কৰা হৈছে৷ সেই অনুসৰিয়ে জল জীৱন মিছনৰ পৰৱর্তী ঠিকা আবণ্টনৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা তথা জল জীৱন মিছনৰ অতিৰিক্ত প্রকল্প সঞ্চালকে ঠিকাদাৰসকলৰ পৰা আহ্বান কৰিছে ‘এক্সপ্রেচন অৱ ইণ্টাৰেষ্ট’ অর্থাৎ ই অ’ আই৷

এইবাৰ জল জীৱন মিছনৰ অধীনত কেইবাটাও বিয়াগোম প্রকল্পৰ ঠিকা আবণ্টন দিয়া হ’ব৷ কিন্তু ইয়াৰ নিবিদা প্রক্রিয়াত যাতে থলুৱা ঠিকাদাৰসকলে অংশগ্রহণ কৰিব নোৱাৰে, তাৰ বাবে ই অ’ আইত সংযোগ কৰা হৈছে কেইবাটাও অদ্ভুত চর্ত৷ প্রথম চর্ত অনুসৰি ই অ’ আই দাখিল কৰাৰ সময়ত ঠিকাদাৰসকলে ১ লাখ টকাৰ আমানত ধন জমা দিব লাগিব৷ তদুপৰি নতুন নিবিদাত কেৱল প্রথম আৰু দ্বিতীয় শ্রেণীৰ ঠিকাদাৰেহে অংশগ্রহণ কৰিব পাৰিব৷ কিন্তু প্রথম আৰু দ্বিতীয় শ্রেণীৰ ঠিকাদাৰৰ বাবেও নির্ধাৰণ কৰি দিয়া হৈছে আজব নিয়ম৷

এই নিয়ম অনুসৰি ই অ’ আই দাখিল কৰা প্রথম শ্রেণীৰ ঠিকাদাৰৰ বছৰি টার্ন অভাৰ ৩০ লাখ টকা আৰু দ্বিতীয় শ্রেণীৰ ঠিকাদাৰৰ বছৰি টার্ন অভাৰ ২০ লাখ টকা হ’ব লাগিব৷ কিন্তু বাস্তৱ কথাটো হ’ল ক’ভিড লকডাউন বা নানা আর্থ–সামাজিক প্রেক্ষাপটৰ বাবে থলুৱা ঠিকাদাৰসকলৰ অৱস্থা বর্তমান অতি শোচনীয়৷ বছৰি ২০ বা ৩০ লাখ টার্ন অভাৰ থকা থলুৱা ঠিকাদাৰৰ সংখ্যা তেনেই নগণ্য৷

এনে পৰিস্থিতিত জল জীৱন মিছনৰ পৰৱর্তী ঠিকাৰ বাবে থলুৱা ঠিকাদাৰসকল যোগ্য বিবেচিত নোহোৱাৰ সম্ভাৱনাই অধিক৷ এয়াই আছিল ই অ’ আইত আৰোপ কৰা চর্তৰ মূল উদ্দেশ্য৷ বহিঃৰাজ্যৰ ঠিকাদাৰ বা ঠিকাদাৰী প্রতিষ্ঠানক ৰঙা দলিচা পাৰি দিয়া আৰু থলুৱা ঠিকাদাৰক সমগ্র প্রক্রিয়াটোৰ পৰা আঁতৰাই ৰখাৰ চক্রান্ত এতিয়া সফল হোৱাৰ পথত৷ যাৰ বাবে অসমৰ ঠিকাদাৰসকলৰ মাজত এতিয়া ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ অভিযোগ উঠিছে যে জল জীৱন মিছনৰ প্রকল্পৰ দায়িত্ব বহিঃৰাজ্যৰ প্রতিষ্ঠানক অর্পণ কৰি কমিছন আৰু লুণ্ঠনৰ নতুন বজাৰ মেলিব বিচাৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ শীর্ষ বিষয়াই৷

RELATED ARTICLES