peepl-small

১০ জানুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ টেটঃ পৰীক্ষা কেন্দ্রত থাকিব জামাৰ

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে সুখবৰ৷ অহা ১০ জানুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পর্যায়ৰ টেট৷ ৰাজ্যৰ মুঠ ৬৭টা কেন্দ্রত অনুষ্ঠিত হ’ব টেট৷ গুৱাহাটীস্থিত অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) কার্যালয়ত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে পৰিষদৰ অধ্যক্ষ আৰ চি জৈনে৷ সংবাদ মেলত অধ্যক্ষ জৈনে কয়– ৰাজ্যৰ ৬৭টা কেন্দ্রত অনুষ্ঠিত হ’ব টেট৷

এই পৰীক্ষাত মুঠ ২৩,৮৬৫গৰাকী পৰীক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হ’ব৷ ইয়াৰ ভিতৰত কলা শাখাত ১৮,৩৫৫, বাণিজ্য শাখাত ৮৩৫, বিজ্ঞান শাখাত ৪,৬৭৫গৰাকী পৰীক্ষার্থীয়ে টেটত অৱতীর্ণ হ’ব৷ অ’ এম আৰ পদ্ধতিৰে অনুষ্ঠিত হ’বলগীয়া টেট কেন্দ্রত স্থাপন কৰা হ’ব জামাৰ৷ সংবাদ মেলত ছেবাৰ অধ্যক্ষ জৈনে লগতে কয়– পৰীক্ষা কেন্দ্রত পৰীক্ষার্থীয়ে ম’বাইল ফোনকে ধৰি কোনোধৰণৰ ইলেক্ট্র’নিক সামগ্রী নিব নোৱাৰিব৷ পৰীক্ষা কেন্দ্রৰ ভিতৰত কোনো প্রার্থীয়ে ম’বাইল ফোন নিয়া ধৰা পৰিলে, তেনে পৰীক্ষার্থীৰ পৰীক্ষাৰ ফলাফল দিয়া নহ’ব৷

আনহাতে, গুৱাহাটীৰ পল্টন বজাৰস্থিত বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ’ব লগা কেন্দ্রত বায়’মেট্রিক পদ্ধতিৰে প্রতিজন পৰীক্ষার্থীৰ তথ্য সংগ্রহ কৰা হ’ব৷ মুঠ ২৮০জন প্রার্থী অৱতীর্ণ হ’ব লগা কেন্দ্রটোত প্রথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে গ্রহণ কৰা হ’ব এই পদক্ষেপ৷

টেটৰ ফলাফল জানুৱাৰীৰ শেষত নহ’লে ফেব্রুৱাৰীৰ প্রথম সপ্তাহত দিয়া হ’ব বুলি সংবাদ মেলত প্রকাশ কৰে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে৷ সংবাদ মেলত ছেবাৰ অধ্যক্ষ জৈনে সকলো পৰীক্ষার্থীকে পৰীক্ষাৰ বাবে শুভেচ্ছা জনায়৷ অ’ এম আৰ শ্বীটত পৰীক্ষার্থীৰ প্রিণ্টেড ৰোল নম্বৰ আৰু নিজৰ ফটো আছে নে নাই, সেয়া নিশ্চিত কৰিহে সকলোকে উত্তৰ লিখিবলৈ অধ্যক্ষগৰাকীয়ে প্রার্থীসকলক আহ্বান জনায়৷

আনহাতে, পৰীক্ষার্থীসকলক নিজৰ নিজৰ পৰিচয়–পত্র লগত লৈ যাবলৈ আহ্বান জনায়৷ পৰীক্ষাত বহাৰ বাবে ইতিমধ্যে এডমিট কার্ড দিয়া হৈছে বুলি অধ্যক্ষ জৈনে সদৰী কৰে৷ সংবাদ মেলত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি আৰু পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শর্মাও উপস্থিত থাকে৷

RELATED ARTICLES