গুৱাহাটীঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও নীতি আয়োগে তৃতীয় ঢৌ সন্দৰ্ভত জাৰি কৰা সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা অনুসৰি যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভাগটো সম্পূৰ্ণ সাজু আছে।
তেওঁ কয় — “আগতীয়া প্ৰস্তুতি আমি সম্পূৰ্ণ চলাইছোঁ। আমি প্ৰত্যেক ঠাইতে অতিৰিক্তভাৱে হাস্পতাল, ক’ভিড কেয়াৰ চেণ্টাৰ সকলো প্ৰস্তুত ৰাখিছোঁ। প্ৰতিখন জিলাই যিকোনো মুহূৰ্তত পাঁচশৰ পৰা এহাজাৰ ৰোগীক ভৰ্তি কৰিব পৰা অৱস্থাত আছে। ঠিক তেনেকৈ আমি শিশু আৰু নৱজাতকৰ আইচিইউ আৰম্ভ কৰিছোঁ। আমি সকলো প্ৰস্তুতি কৰিছোঁ যাতে যিকোনো পৰিস্থিতিৰ মুখামুখি হ’ব পাৰোঁ।”