peepl-small

৫০ ঊৰ্ধৰ ক’ভিড আক্ৰান্তই সহজে থাকিব নোৱাৰিব হোম আইচ’লেশ্বনত

PUBLISHED:

গুৱাহাটীঃ পঞ্চাশ বছৰ বয়সৰ ওপৰৰ ক’ভিড ৰোগীসকলৰ বাবে অসম চৰকাৰে নিৰ্ধাৰণ কৰিছে নতুন নিয়ম। এতিয়াৰে পৰা তেনে লোকে সহজে থাকিব নোৱাৰিব হোম আইচ’লেশ্বনত।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়—আমি তেওঁলোকক পৰাপক্ষত হোম আইচ’লেশ্বনত নিদিওঁ। যদিহে তেওঁলোকৰ ঘৰত এখন গাড়ী আছে, সুকীয়া বেডৰুম আছে বা নিজে অক্সিজেন লেভেলটো চাই ল’ব পাৰে তেতিয়াহে দিব পাৰি। গতিকে জিলা উপায়ুক্তক মই কৈছোঁ যে ৫০ বছৰৰ ওপৰৰ লোকক হোম আইচ’লেশ্বন দিওঁতে বহুত বস্তু চাব লাগে। পৰাপক্ষত তেওঁলোকক হোম আইচ’লেশ্বন দিব নালাগে।

RELATED ARTICLES