peepl-small

জনসংখ্যা নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ল’ব বিশেষ নীতি

PUBLISHED:

গুৱাহাটীঃ জনসংখ্যা নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰে অচিৰে গ্রহণ কৰিব এক বিশেষ নীতি৷ ইয়াৰ বাবে সকলো দিশ পর্যালোচনা কৰি চৰকাৰে গ্রহণ কৰিব কঠোৰ কার্যব্যৱস্থা৷ মঙলবাৰে এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যিক বিজেপিৰ কার্যনির্বাহকত অংশগ্রহণৰ পিছতে সাংবাদিকৰে সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীগৰাকীয়ে কয়– চৰকাৰে ইনচেটিভ আৰু ডিছইনচেনটিভ এই দুটা ভাগত জনসংখ্যা নিয়ন্ত্রণৰ পদক্ষেপ ল’ব৷ ইতিমধ্যে বিধানসভাত ডিছইনচেনটিভ পর্যায়ত জনসংখ্যা নিয়ন্ত্রণৰ বাবে কিছু নীতি–নিয়ম গ্রহণ কৰা হৈছে৷ পঞ্চায়ত নির্বাচনত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰা ধৰণৰ নিয়ম বলৱৎ কৰা হৈছে৷ ইনচেনটিভ পর্যায়ত চৰকাৰে সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ পিছত কিছু সিদ্ধান্ত গ্রহণ কৰিব৷

ইফালে, চৰকাৰৰ জনসংখ্যা নীতিক লৈ বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফে কৰা প্রতিক্রিয়া সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– এই পদক্ষেপ সংখ্যালঘু সম্প্রদায়ৰ আর্থ–সামাজিক উন্নয়নৰ বাবে লোৱা হৈছে৷ দৰিদ্রতাৰ পৰা মুক্তি লাভ কৰা আৰু অশিক্ষিত বাতাৱৰণৰ পৰা উলিয়াই অনাৰ বাবে এইধৰণৰ পদক্ষেপ লোৱা হৈছে৷ মই ভাবোঁ, ইয়াক লৈ সংখ্যালঘু সমাজত কোনোধৰণৰ বিৰোধিতাৰ সৃষ্টি নহ’ব৷ ইতিমধ্যে সদৌ সংখ্যালঘু ছাত্র সন্থাৰ দুয়োটা ফৈদৰ সৈতে মই দুবাৰকৈ আলোচনাত মিলিত হৈছোঁ৷ তেওঁলোকে মুকলিকৈ চৰকাৰৰ এই জনসংখ্যা নীতিক আদৰণি জনাইছে আৰু স্বীকাৰ কৰিছে যে মুছলমান লোকৰ জনসংখ্যা ৰোধৰ বাবে এই পদক্ষেপৰ প্রয়োজন৷ চৰকাৰৰ এই নীতিক সকলো ধৰণেৰে সমর্থন জনাব বুলি অৱগত কৰিছে৷ মই আগন্তুক জুলাই মাহত ডেৰশ মুছলমান সংগঠনৰ সৈতে আলোচনাত মিলিত হ’ম আৰু মই নিশ্চিত যে তেওঁলোকে অসম চৰকাৰৰ জনসংখ্যা নীতিক পূর্ণ সমর্থন জনাব৷ চৰকাৰে মুছলমান সংগঠনৰ লগতে তেওঁলোকৰ বুদ্ধিজীৱী আৰু চিন্তাবিদসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ চৰকাৰে সেই সম্প্রদায়টোৰ উন্নয়নৰ বাবেহে কাম কৰিব বিচাৰিছে৷ গতিকে মই ভাবোঁ, ইয়াত মুছলমান সম্প্রদায়ে পূর্ণ সমর্থন আগবঢ়াব৷

RELATED ARTICLES